১০০ বছৰত প্ৰথমবাৰলৈ এইখন মহাবিদ্যালয়ত নামভৰ্তি কৰিলে ছাত্ৰীয়ে! ইমান দিনে পঢ়িছিল ছাত্ৰই

0
2437

১০০ বছৰত প্ৰথমবাৰলৈ এইখন মহাবিদ্যালয়ত নামভৰ্তি কৰিলে ছাত্ৰীয়ে! ইমান দিনে পঢ়িছিল ছাত্ৰই

ডেৰাডুনৰ প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয় (RIMC)ৰ ১০০ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দুগৰাকী যুৱতীয়ে নামভৰ্তি কৰিছে। চলিত বৰ্ষৰ জুলাই মাহলৈকে অষ্টম শ্ৰেণীত দুগৰাকী ছাত্ৰীয়ে নামভৰ্তি কৰিছে।

এইটো মহাবিদ্যালয়খনৰ বাবে এক ঐতিহাসিক সুযোগ। যুৱতী দুগৰাকীৰ এগৰাকী হাৰিয়ানাৰ আৰু এগৰাকী ডেৰাডুনৰে বুলি জানিব পৰা গৈছে।

এন ডি এত মহিলাসকলৰ নামভৰ্তিৰ সুযোগ পোৱাৰ পিছতে মহাবিদ্যালয় প্ৰশাসনে এই সিদ্ধান্ত লৈছে। ৫ খন আসন ছাত্ৰীৰ বাবে সংৰক্ষিত আছিল যদিও মাত্ৰ ২ গৰাকীয়ে হে এই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।

ইয়াৰ বাবে দেশৰ বিভিন্ন ঠাইৰ পৰা ৫৬৮ গৰাকী প্ৰাৰ্থীয়ে পৰীক্ষাত অৱৰ্তীন হৈছিল। এজন পাকিস্তানী সেনা প্ৰধানেও ইয়াৰ পৰাই অধ্যয়ন কৰি পাকিস্তানৰ সেনাত যোগদান কৰিছিলে।

কেন্দ্ৰীয় কমাণ্ডৰ পিআৰঅ’শান্তনু প্ৰতাপ সিঙে ইয়াক মহাবিদ্যালয়খনৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি বৰ্ণনা কৰিছে। তেওঁ লগতে জানিবলৈ দিয়ে যে ২০২২ বৰ্ষৰ জুলাই ৰ দলটোৰ পাঠদান সোমবাৰৰ পৰা আৰম্ভ হৈছে।

অৱশ্যে আহিব লগীয়া দিনবোৰত ছাত্ৰীৰ আসন বৃদ্ধি কৰা হ’ব বুলি জানিব পৰা গৈছে।