দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ক’ভিড প’জিটিভ, বৰ্তমান হোম কোৱাৰেণ্টাইনত

0
161
দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ক’ভিড প’জিটিভ, বৰ্তমান হোম

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ক’ভিডৰ দ্বাৰা সংক্ৰমিত হৈছে। আজি প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে নিজেই টুইট কৰি তেওঁ ক’ভিড প’জিটিভ হোৱা বুলি উল্লেখ কৰে।

অৱশ্যে জ্যেষ্ঠ মন্ত্ৰী গৰাকীয়ে বৰ্তমানলৈ তেওঁৰ শৰীৰত অতি সামান্য পৰিমাণেহে লক্ষণ প্ৰকাশ পাইছে বুলি কয়।

“আজি সামান্য লক্ষণৰ সৈতে মই ক’ৰ’না প’জিটিভ হও।বৰ্তমান মই হোম কোৱাৰেণ্টাইনত আছো। মোৰ সংস্পৰ্শলৈ অহা লোকসকলকো ক’ভিড পৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছো,” ৰাজনাথ সিঙে টুইট কৰি এইদৰে লিখে।

৮ জানুৱাৰীত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে এখন ৱেবিনাৰ সম্বোধন কৰিছিল। দেশত নতুন ১০০ খন সৈনিক স্কুল স্থাপনৰ প্ৰসংগও কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল।

দেশৰ ৰাজধানী দিল্লীত ক’ভিডৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিগত ২৪ ঘণ্টাত দিল্লীত প্ৰায় ২২,৭৫১ গৰাকী লোক ক’ভিড প’জিটিভ হয়। ৰাজধানী চহৰখনত সংক্ৰমণৰ হাৰ ২৩ শতাংশলৈ বৃদ্ধি পাইছে।

ভাৰততো বিগত ২৪ ঘণ্টাত ডেৰ লাখতকৈ অধিক লোকৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে।

ব্যাপক ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্য চৰকাৰ সমূহে বিভিন্ন নিৰ্দেশনাৱলী জাৰি কৰিছে।

আৰু পঢ়ক : কোনো চিনেমাৰ দৰে কাহিনী, ৪ ছোৱালী সহ মুঠ ৬ জনক হত্যা, বন্ধুৰ কন্যাকো নেৰিলে হত্যাকাৰীয়ে