
কাটাৰত চলি থকা ফিফা বিশ্বকাপৰ ট্ৰফী উন্মোচন কৰিব বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে। ১৮ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে উন্মোচন কৰা হ’ব এই ট্ৰফী।
এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে দীপিকা পাডুকনে অতি শীঘ্ৰে কাটাৰলৈ উৰা মাৰিব বুলি আশা কৰা হৈছে।
বিশ্বৰ অন্যতম সৰ্বাধিক জনপ্ৰিয় ক্ৰীড়া অনুষ্ঠানত এনে সন্মান লাভ কৰা প্ৰথমগৰাকী অভিনেত্ৰী হিচাপে পৰিগণিত হ’ব ৩৬ বছৰীয়া দীপিকা।
প্ৰাপ্ত খবৰ অনুসৰি, ১৮ ডিচেম্বৰত দীপিকা পাডুকনে লুছাইল আইকনিক ষ্টেডিয়ামত হ’বলগীয়া ফাইনেল মেচখনৰ সময়ত বিশ্বকাপৰ ট্ৰফী উন্মোচন কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, অহা বছৰৰ ২৫ জানুৱাৰিত মুক্তি পাবলগীয়া ছবি ‘পাঠান’ত শ্বাহৰুখ খান আৰু জন আব্ৰাহামৰ সৈতে দেখা পোৱা যাব দীপিকা পাডুকনক।
‘পাঠান’ৰ উপৰি দীপিকা পাডুকনক অমিতাভ বচ্চন আৰু প্ৰভাসৰ সৈতে ‘প্ৰজেক্ট কে’ত দেখা যাব। তদুপৰি স্বামী ৰণবীৰ সিঙৰ ছবি ‘চাৰ্কাছ’তো তেওঁক এক বিশেষ ভূমিকাত দেখা পোৱা যাব।