হঠাৎ দীপিকাৰ স্বাস্থ্যৰ অৱনতি, ভৰ্তি হ’ল চিকিৎসালয়ত

0
124
ঋত্বিক-শ্বাহৰুখ নহয়, ধুম-৪ ৰ ভিলেইন হ'ব দীপিকা পাডুকন!

বলিউড জগতৰ পৰা আহিছে এটা ডাঙৰ খবৰ। জনপ্ৰিয় অভিনেত্ৰী দিপীকা পাডুকন সোমবাৰৰ নিশাৰ পৰা মুম্বাইৰ ব্ৰীচ কে্ডি হাস্পতালত ভৰ্তি হৈ আছে। অস্বস্তি অনুভৱ কৰাৰ পিছতে অভিনেত্ৰীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

অৱশ্যে বৰ্তমান অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা ভাল বুলি জানিব পৰা গৈছে।

দীপিকাক চিকিৎসালয়ত কেইবাটাও পৰীক্ষা কৰা হৈছিল য’ত প্ৰায় আধা দিন সময় লাগিছিল বুলি জানিব পৰা গৈছে।

যথেষ্ট অস্বস্তি অনুভৱ কৰা বাবেই অভিনেত্ৰীগৰাকীক লগে লগে চহৰখনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অভিনেত্ৰীগৰাকীৰ তৰফৰ পৰা এতিয়াও আনুষ্ঠানিকভাৱে এই খবৰটো নিশ্চিত কৰিব পৰা নাই।

উল্লেখ্য যে মাত্ৰ কেইমাহমানৰ পূৰ্বে হৃদস্পন্দন বৃদ্ধি হোৱাত দীপিকাক হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। প্ৰভাসৰ সৈতে আগন্তুক প্ৰজেক্টৰ বাবে শ্বুটিং কৰি আছিল অভিনেত্ৰীগৰাকী। প্ৰায় আধাদিন ধৰি চিকিৎসালয়ত পৰ্যবেক্ষণত ৰাখিছিল অভিনেত্ৰীগৰাকীক।