দীপিকাই মুকলি কৰিলে গোপন কথা; ৰণবীৰৰ পাৰ্চৰ পৰা প্ৰায়ে কৰে পইচা চুৰ!

মই ঘৰত একেবাৰে সাধাৰণ গৃহিণীৰ দৰে থাকো। বাকী মহিলা আৰু মোৰ মাজত পাৰ্থক্য একো নাই

0
75

বলীউডৰ জনপ্ৰিয়, মোহময়ী তথা প্ৰতিষ্ঠিত অভিনেত্ৰী দীপিকা পাডুকণৰ আজি জন্মদিন। ২০০৭ ত ফাৰাহ খান পৰিচালিত ‘ঔম শান্তি ঔম’ৰ নায়িকা হিচাপে বলীউডত খোজ পেলোৱা দীপিকা পাডুকণে আজিলৈকে পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ইখনৰ পিছত সিখন হিট চিনেমা উপহাৰ দি দীপিকাই বলীউডত আগশাৰীৰ অভিনেত্ৰীৰ তালিকাত নিজৰ স্থান গজগজীয়া কৰিছে। এইকেইদিন অভিনেত্ৰীগৰাকী ১০ জানুৱাৰীত মুক্তি পাবলগীয়া ছবি ‘ছাপাক’ৰ কামত খুবেই ব্যস্ত। তাৰমাজতেই তেওঁ অনুৰাগীসকলৰ লগতে ছাপাক পৰিয়াল তথা স্বামী ৰণবীৰ সিঙৰ সৈতে ৩৪ বৰ্ষীয় জন্মদিন উদযাপন কৰিছে। তেওঁৰ জন্মদিনত কিছু নজনা কথা অনুৰাগীসকললৈ আগবঢ়ালো-

‘ছাপাক’ৰ প্ৰম’ছনৰ বাবে দীপিকা অতি জনপ্ৰিয় অনুষ্ঠান ‘দ্য কপিল শৰ্মা শ্ব’ৰ ছেটত উপস্থিত হৈছিল। কপিল শৰ্মাই দীপিকাক প্ৰশ্ন কৰিছিল, ”আপুনি এতিয়া এগৰাকী বোৱাৰী। আপুনি এগৰাকী সাধাৰণ গৃহিণীৰ দৰে কামবোৰ কৰেনে ?” এই প্ৰশ্নৰ উত্তৰ দি দীপিকাই কয়- ”অ মই ঘৰত একেবাৰে সাধাৰণ গৃহিণীৰ দৰে থাকো। বাকী মহিলা আৰু মোৰ মাজত পাৰ্থক্য একো নাই। দৈনিক মই গাখীৰৱালাৰ পৰা গাখীৰ কিনো, মাহেকীয়া,সাপ্তাহিক সকলো ধৰণৰ বজাৰৰ লিষ্ট মই বনাও।”

ইয়াৰ পৰা এখোপ আগুৱাই গৈ কপিল শৰ্মাই দীপিকাক পুনৰ প্ৰশ্ন কৰে- ”কেতিয়াবা স্বামী ৰণবীৰ সিঙৰ পাৰ্চৰ পৰা পইচা চুৰ কৰি পাইছে নে নাই?” এই প্ৰশ্নটোৰ উত্তৰ দীপিকাই এনেদৰে দিয়ে যে গোটেই প্ৰেক্ষাগৃহ দৰ্শকৰ হাঁহিৰে ৰজনজনাই যায়। দীপিকাই কয়- ”মইতো কৈছোৱেই, ঘৰত ময়ো এগৰাকী সাধাৰণ গৃহিণী। মই মোৰ স্বামীৰ পাৰ্চৰ পৰা প্ৰায়ে তেওঁক নোসোধাকৈয়ে মনে মনে পইচা উলিয়াই লওঁ।” এনেদৰে খোলাকৈ নিজৰ বিষয়ে কৈ পুনৰ বাৰ ৰাইজৰ মৰম বুটলিলে বলীউডৰ ‘মস্তানী’ দীপিকা পাডুকণে।

Photo Credit: harpersbazaar.com