দীপিকাই হ’ব ৰোহিত ছেট্টীৰ লেডী সিংঘম, নিজেই কৰিলে সদৰি

0
1713

দীপিকাই হ’ব ৰোহিত ছেট্টীৰ লেডী সিংঘম, নিজেই কৰিলে সদৰি। একচন ছবিৰে সকলোকে মনোৰঞ্জন দিয়া ৰোহিত ছেট্টীৰ প্ৰায় প্ৰতিখন ছবিয়েই হিট। একচন আৰু মছলাযুক্ত হোৱাৰ বাবে ৰোহিত চেট্টীৰ চলচ্চিত্ৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি অনুৰাগীয়ে।

বৰ্তমানে ৰোহিতে ৰণবীৰ সিঙৰ সৈতে ‘চাৰ্কাছ’ নামৰ এখন নতুন কমেডি ছবি লৈ আহিছে ছবিখন চলিত বছৰৰে খ্ৰীষ্টমাছত মুক্তি দিয়া হ’ব। ছবিখনৰ ট্ৰেইলাৰত ৰণবীৰৰ পত্নী তথা অভিনেত্ৰী দীপিকা পাডুকনকো ৰণবীৰৰ সৈতে এটা গানত দেখা গৈছে।

সেই কাৰেণ্ট লগা ৰে গানটোৱে আজি মুকলি কৰা হৈছে। গানটো মুকলি কৰাৰ সময়তে, পৰিচালক ৰোহিত চেট্টীয়ে দীপিকাৰ বিষয়ে এটা ডাঙৰ ঘোষণা কৰিছে।

গানটো মুকলি কৰাৰ সময়ত, ৰোহিত চেট্টীয়ে কয় যে, – ‘আপুনি আন যিকোনো ঠাইৰ পৰা জানিব পৰাৰ আগতে, মই আপোনাক এই সকলোবোৰ ক’ম…’

ৰোহিত চেট্টীয়ে গানটো মুকলি কৰাৰ সময়ত কৈছিল যে তেওঁ নিৰ্মাণ কৰি থকা পৰৱৰ্তী ছবিখন সিংঘমৰ এটা অংশ। তেওঁৰ পৰৱৰ্তী ছবি ‘সিংঘম এগেইন’ত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা আৰক্ষী থাকিব।

মহিলা আৰক্ষীগৰাকী আন কোনো নহয় সেয়া হ’ব দীপিকা। ৰোহিত চেট্টীয়ে ঘোষণা কৰিছে যে দীপিকা পাডুকনক পৰৱৰ্তী সিংঘম চলচ্চিত্ৰত ‘লেডী সিংঘম’ৰ চৰিত্ৰত দেখা যাব।