31 C
Guwahati
Monday, September 20, 2021
More

    মিজো সাংসদ ভানলালভেনাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ দাবী দেবব্ৰত শইকীয়াৰ

    মিজো সাংসদ ভানলালভেনাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ দাবী দেবব্ৰত শইকীয়াৰ

    অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰৰ ৰক্তক্ষয়ী ঘটনা সন্দৰ্ভত মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ ভানলালভেনাই অসম আৰক্ষীক জগৰীয়া কৰি কৰা কটু মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

    শইকীয়াই সাংসদগৰাকীৰ ওপৰত দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাও পৰিলক্ষিত হয়।

    তেওঁ কয়, ‘বিজেপিৰ তীব্ৰ সমালোচনা কৰা ব্যক্তি সকলৰ প্ৰতি চৰকাৰে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰে, কিন্তু দেশৰ সংবিধানক অমান্য কৰি অসাংবিধানিক মন্তব্য আগবঢ়োৱা মিজোৰামৰ সাংসদজনৰ ওপৰত এতিয়াও চৰকাৰে গোচৰ ৰুজু নকৰাটো দুৰ্ভাগ্যজনক’।

    শইকীয়াই লগতে সাংসদগৰাকীৰ ওপৰত দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ উপৰি তেখেতৰ সাংসদ পদ খাৰিজ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

    আইন প্ৰণয়ন কৰিব পৰা এগৰাকী সাংসদৰ এই মন্তব্যই সংসদক অপমানিত কৰিছে বুলিও উল্লেখ কৰে শইকীয়াই।

    উল্লেখ্য যে মিজো নেশ্যনেল ফ্ৰণ্টৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনে সীমান্তত সংঘটিত ঘটনা সন্দৰ্ভত নিজৰ মন্তব্ প্ৰকাশ কৰি কৈছিল, ‘অসম আৰক্ষীয়ে মিজোৰামৰ ভূখণ্ড বেদখল কৰি আৰক্ষী ছাউনি ধ্বংস কৰিছিল। অসম আৰক্ষীয়ে প্ৰথমতে গুলীচালনা কৰিছিল, মিজো আৰক্ষীয়ে কেৱল যুঁজহে দিছিল’।

    তেওঁ লগতে কৈছিল যে যদি অসম আৰক্ষীয়ে মিজোৰামৰ ভূখণ্ডত পুনৰ প্ৰৱেশ কৰাৰ চেষ্টা চলাই তেন্তে এইবাৰ আমি সকলোকে হত্যা কৰিম।  

    আৰু পঢ়ক : ৯ আগষ্টৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং