পঞ্জাবৰ প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীক আবদ্ধ কৰি থোৱা কাৰ্য নাটকৰ বাহিৰেও আন একো নহয়:দেৱব্ৰত শইকীয়া
পঞ্জাবৰ ফিৰোজপুৰত বুধবাৰে প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীক আবদ্ধ কৰি থোৱা কাৰ্য এক নাটকৰ বাহিৰেও আন একো নহয় । এই মন্তব্য বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ।
মোদীৰ জনপ্ৰিয়তা হ্ৰাস হৈ আহিছে । সেয়ে এতিয়া নাটক ৰচনা কৰিছে বিজেপিয়ে । দ্বিতীয়তে যিখন সভাত ৭০ হেজাৰ মানুহ হ’ব বুলি কৈছিল সেইখন সভাত ৭ হেজাৰ মানুহৰো সমাৱেশ নোহোৱাত নৰেন্দ্ৰ মোদীয়ে নাটক কৰিলে। শিৱসাগৰত কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত এইদৰে সমালোচনাত মুখৰ হৈ পৰে দেৱব্ৰত শইকীয়া।
উল্লেখযোগ্য যে পৌৰসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শিৱসাগৰত এতিয়া ইটোৰ পিছত সিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে যোগাদান কাৰ্যসূচী।বিগত দুদিনত বিজেপি আৰু ৰাইজৰ দলে নতুন সদস্য ভৰ্তি তথা যোগাদান কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত দেওবাৰে শিৱসাগৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী।
শিৱসাগৰ ৰাজীৱ ভৱনত নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰেত শইকীয়াৰ উপস্থিত শতাধিক বিজেপি কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছত।
InPut : Sanjay pareek
আৰু পঢ়ক : ঋণ পৰিশোধ নকৰাৰ বাবে মহিলাক অপহৰণ কৰি নি ১০ দিন উপৰ্যুপৰি ধৰ্ষণ পাষাণৰ…