28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    যিবোৰ দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰক অৱগত কৰিছিলো সকলো সত্য আছিল কিন্তু পূৰ্বতে বিজেপি চৰকাৰ নিমাত আছিল: কংগ্ৰেছ

    “বিজেপি নেতৃত্বাধীন ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নতুন চৰকাৰ খনে এমাহ পাৰ কৰিলে। এই কালছোৱাত, সামগ্ৰীক ভাবে সকলো ক্ষেত্ৰতে মূল্যাংকন কৰাটো অনুচিত হ’ব, ইতিমধ্যে তেওঁলোকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ মোনাখনত অত্যাধিক বোজা আছে। যদিও এই এমহীয়া শাসনকালত, চৰকাৰখনে কেইটামান সমাজ শুধাৰক পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষকৈ, ড্ৰাগছ্ আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে লোৱা পদক্ষেপক মই আদৰণি জনাইছোঁ” এই মন্তব্য বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ।

    লগতে কয় যে মন কৰিবলগীয়া যে, আমি আগৰপৰাই যিবোৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে চৰকাৰখনক অৱগত কৰাই আহিছিলোঁ, সেয়া যে সত্য আছিল, আজি বৰ্তমান চৰকাৰে ড্ৰাগছ্ , ছিণ্ডিকেট ইত্যাদিৰ ক্ষেত্ৰত দেখুওৱা তৎপৰতাৰ পৰাই উমান পোৱা যায়, যদিও যোৱা সময়চোৱাত, পুৰণি বিজেপি চৰকাৰখনে, এই সকলোবোৰ বিষয়ৰ ওপৰত নিমাত হৈ আছিল আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ ফটা ঢোল পিটি আছিল।

    যি নহওঁক, আজি ৬১ মাহৰ পিছত বিজেপি চৰকাৰ খনে এইবোৰ ক্ষেত্ৰত দেখুওৱা তৎপৰতাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বুলি মন্তব্য কৰে শইকীয়াই।

    সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনো ক’ভিড মহামাৰীৰ কবলত আছে। কিন্তু যোৱা বছৰ ক’ভিড মহামাৰীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত, স্বাস্থ্য বিভাগে যি ধৰণে পদক্ষেপ গ্ৰহণ কৰিছিল, এইবাৰ তেনেকুৱা তৎপৰতা দেখিবলৈ পোৱা নাই বুলি‌ কয় দেৱব্ৰত শইকীয়াই।

    লগতে কয় যে যিধৰণে, ৰাজ্যতে, ৪৫ বছৰৰ উৰ্দ্ধৰ তথা ১৮ বছৰ বা তাৰ উৰ্দ্ধৰ লোক সকলক টীকাকৰণ কৰাৰ প্ৰক্ৰিয়া আগবঢ়াব লাগিছিল, তেনেকুৱা দেখিবলৈ পোৱা নাই।

    ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধি, গৰাখহনীয়া প্ৰতিৰোধ কৰা, বান নিয়ন্ত্ৰণ কৰা, নিবনুৱা সমস্যা সমাধান কৰাৰ লগতে, যোৱা সময়চোৱাত, যেনেকৈ চৰকাৰখনে উন্নয়নমূলক কাম-কাজত বিৰোধী পক্ষৰ বিধায়ক সকলৰ লগত পক্ষপাতিত্ব কৰিছিল, সেয়া আতৰাই উন্নয়নৰ কাম কৰিবলৈ সকলোকে সুবিধা দিব লাগিব বুলিও কয়।

    অৱশেষত নতুন চৰকাৰক শুভেচ্ছা জ্ঞাপন কৰে দেৱব্ৰত ‌‌‌‌‌‌‌‌‌শইকীয়াই।

    আৰু পঢ়ক : বোকাজানত ক’ভিড ভেকচিনৰ ক’লা বজাৰ! টকাৰ বিনিময়ত বিক্ৰী, আটক দুজন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published