অসমত জাপানীজ এনকেফেলাইটিছৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ৩৮লৈ বৃদ্ধি

0
187
প্ৰতীকি ফটো

অসমত জাপানীজ এনকেফেলাইটিছ (জে ই) ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা চলিত মাহত ৩৮ জনলৈ বৃদ্ধি পাইছে বুলি শুকুৰবাৰে নেশ্যনেল হেল্থ মিশ্যনে (এন এইচ এম) জনায়।

এন এইচ এমৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ১৫ জন এই ৰোগত আক্ৰান্ত হোৱাত সক্ৰিয় ৰোগীৰ সংখ্যা ২৫১ লৈ বৃদ্ধি পাইছে।

ইফালে, অসমৰ বিশ্বনাথ জিলাৰ পৰাও জাপানীজ এনকেফেলাইছিত মৃত্যু হোৱাৰ প্ৰথমটো খবৰ আহিছে।

চৰকাৰী তথ্য অনুসৰি ১ জুলাইৰ পৰা জাপানীজত কমেও ৩৮ জন লোকৰ মৃত্যু ঘটিছে আৰু ৰাজ্যৰ ২০ খনতকৈও অধিক জিলাত ২৩৮ জন লোক আক্ৰান্ত হৈছে।

পৰিস্থিতিৰ ওপৰত অধিক নজৰ ৰাখিবলৈ আৰু প্ৰয়োজনীয় প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে জিলা ৰেপিড ৰেচপন্স টিম গঠন কৰিবলৈও নেশ্যনেল হেল্থ মিশ্যনে নিৰ্দেশ দিছে।

উল্লেখ্য যে, জাপানীজ এনকেফেলাইটিছৰ ফলত যোৱা বছৰ ৰাজ্যখনত ৪০ জন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই।