
গোৱালপাৰাৰ ডেকঢোৱাত অঘটন। জলজলী নদীত মাছ ধৰিবলৈ গৈ পানীত পৰি এটি শিশুৰ মৃত্যু হোৱাক অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মৃত্যু হোৱা ৯ বছৰীয়া শিশুটিৰ নাম শ্বৰীফ উদ্দিন বুলি জানিব পৰা গৈছে।
ঘটনাৰ সবিশেষ জানিব পৰা অনুসৰি, আজি পুৱা প্ৰায় ৮.৩০ বজাত শিশুটি নিজৰ জ্যেষ্ঠ ভাতৃৰ সৈতে ঘৰৰ ওচৰতে থকা জলজলী আৰু জিনাৰী নদীৰ সংগমস্থলীত মাছ ধৰিবলৈ গৈছিল।
কিন্তু হঠাৎ ভৰি পিছলি পানীত পৰি সন্ধানহীন হয় শ্বৰীফ।
এনেদৰে শিশুটি সন্ধানহীন হোৱাৰ খবৰ পাই আৰক্ষী আৰু এছ ডি আৰ এফ ঘটনাস্থলত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
পিছত প্ৰায় চাৰি ঘণ্টা সময় উদ্ধাৰ অভিযান চলোৱাৰ পিছত এছ ডি আৰ এফে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
ইনপুট : মঞ্জুৰ ভূঞা
আৰু পঢ়ক : দুগৰাকীকৈ আৰক্ষী বিষয়াক কৰ্তব্যৰ পৰা নিলম্বন