26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আজিৰ দিনটোতে হেৰাই যোৱা এগৰাকী তাৰকা.. যি তাৰকাৰ মৃত্যুৱে উদঙাইছিল বলীউডৰ ড্ৰাগছৰ বৃহৎ সাম্ৰাজ্যৰ কথা

    আজিৰ দিনটোতে ২০২০ চনত এই পৃথিৱী ত্যাগ কৰিছিল বলীউডৰ তাৰকা সুশান্ত সিং ৰাজপুতে। নিজ কোঠাতেই উদ্ধাৰ হৈছিল তাৰকা গৰাকীৰ চিলিং ফেনত উলমি থকা মৃতদেহ।

    যি আত্মহত্যা বুলি কলেও বহু দিনলৈ হত্যা বুলি হাই প্ৰফাইল কেছ হৈ আছিল। কিয়নো ভিতৰৰ পৰাই বন্ধ আছিল সুশান্তৰ আত্মহত্যা কৰা কোঠাৰ দুৱাৰ।

    কিন্তু আত্মহত্যা কৰা ফেন আৰু বিছনাৰ দূৰত্ব আছিল ৫ ফুট ১১ ইঞ্চিৰ। আনহাতে সুশান্তৰ উচ্চতা আছিল ৫ ফুট ১০ ইঞ্চি। অৰ্থাৎ ১ ইঞ্চিৰ ব্যৱধান আছিল। শৰীৰত নাছিল কোনো আঘাতৰ চিন। সকলো সাক্ষী দানৰে আছিল একে ভাষ্য।

    আৰক্ষীয়ে অন্তিম সিদ্ধান্তত উপনিত হৈছিল যে এইয়া এক সাধাৰণ আত্মহত্যা। ইয়াত কোনো হত্যাকাণ্ড সংঘটিত কৰাৰ প্ৰমাণ নাই। পিছে আত্মহত্যা কৰা সুশান্তৰ মৃতদেহৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পিছতে উত্থাপন হৈছিল অধিক তদন্তৰ বাবে, অনুৰাগীয়ে কৈছিল সেয়া ১০০ শতাংশই হত্যা।

    আনহাতে সুশান্তৰ সেই আত্মহত্যাৰ পিছতে পোহৰলৈ আহিছিল বলীউডৰ ড্ৰাগছৰ বৃহৎ সাম্ৰাজ্যৰ কথা। এজনকৈ এজনকৈ ধৰা পৰিছিল ড্ৰাগছ ব্যৱহাৰ কৰোতাৰ লগতে কিনা বেচা কৰোতাৰো নাম। সাঙোৰ খাইছিল প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ লগতে, দিপীকা পাডুকন, বিকি কৌশল আদি ১০০ৰো ওপৰ তাৰকাৰ নাম।

    সেই সুশান্ত সিং ৰাজপুতেই ১২ বছৰীয়া টিভি-চিনেমাৰ কেৰিয়াৰ যাত্ৰাত দি গৈছে বহু জনপ্ৰিয় চৰিত্ৰ। ‘কিছদেশ মে হে মেৰা দিল’ ষ্টাৰ প্লাছ যোগে সম্প্ৰচাৰিত হোৱা ধাৰাবাহিকৰ সৰু ভাতৃৰ চৰিত্ৰৰে অভিনয় জীৱনৰ পাতনি মেলা সুশান্তে জি টিভি যোগে সম্প্ৰচাৰিত ‘পবিত্ৰ ৰিস্তা’ৰ মানৱ চৰিত্ৰৰে দখল কৰিছিল বহু ভাৰতীয় লোকৰ হৃদয়।

    ‘কাই পো চে’ ৰে বলীউডত খোজ দি , ভাৰতীয় ক্ৰেকিট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ জীৱন ভিত্তিক ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰি পৰিচয় দিছিল সফল অভিনেতাৰ। জীৱনৰ শেষ ছবি আছিল ‘দিল বেচাৰা’।

    আৰু পঢ়ক : ঘৰৰ পিছফালৰ পুখুৰীৰ পৰা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ ৪ কিশোৰ-কিশোৰী, কোনেও নাজানে কিয়, কেনেকৈ হয় এই ঘটনা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং