চিকিৎসালয়ৰ সমীপত ভয়ংকৰ বিস্ফোৰণ; ২০ জন লোকৰ মৃত্যু, কেইবাজনো আহত

0
107
প্ৰতিনিধিত্বমূলক চিত্ৰ

দক্ষিণ আফ্ৰিকাৰ ব’ক্সবাৰ্গ চহৰৰ পৰা এক বৃহৎ দুৰ্ঘটনাৰ খবৰ আহিছে। লাভ কৰা তথ্য অনুসৰি, মহানগৰখনৰ চিকিৎসালয়ৰ পথত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণত ২০ জন লোকৰ মৃত্যু হয়।

কেৱল এয়াই নহয় বিস্ফোৰণৰ ফলত বহু লোক আহতও হৈছে।

জানিব পৰা অনুসৰি, গেছ টেংকাৰ বিস্ফোৰণৰ ফলত এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ পিছৰে পৰা অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে।

লাভ কৰা প্ৰাথমিক তথ্য অনুসৰি, ব’ক্সবাৰ্গ চহৰৰ অ’ আৰ টাম্বো মেম’ৰিয়েল হাস্পতালৰ পৰা কেইমিটাৰমান দূৰত্বত এই কাণ্ড সংঘটিত হয়।

জানিব পৰা মতে, গেছ কঢ়িওৱা এখন টেংকাৰৰ পৰা গেছ নিৰ্গত হয় আৰু হঠাৎ এটা ডাঙৰ বিস্ফোৰণ ঘটাত প্ৰায় ২০ জন লোকে প্ৰাণ হেৰুৱায়।

শনিবাৰে পুৱা সংঘটিত এই ঘটনাৰ পিছতে উদ্ধাৰকাৰী আৰু আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।