
শিৱসাগৰৰ শিমলুগুৰি ৰে’লৱে জংচনৰ ৰে’লৰ ডবাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। উজনিমুৱা ছণ্ডীগড় এক্সপেছত উদ্ধাৰ মৃতদেহ। মুখেৰে ফেন ওলোৱা অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ। ৰহস্যজনক অৱস্থাত মৃত্যু লোকজনৰ।বিহাৰৰ চিবানৰ পৰা শিমলুগুৰিলৈ আহিছিল মৃত লোকজন।
তেওঁৰ নাম ৰাম জী পুৰী।এতিয়াও মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই লোকজনৰ।মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ প্ৰকৃত ৰহস্য জানিব পৰা যাব। বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁৰ মৃতদেহ নিয়া হৈছে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ।
Input & Photo: Bikash Arandhara