পুনৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত মৃতদেহ উদ্ধাৰ

0
202
হাউলীৰ পল্লা নৈত যুৱকৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য, প্ৰেমজনিত কাৰণত হত্যাৰ সন্দেহ
প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত পুনৰ এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

মালিগাঁৱৰ বি জি কষ্ট্ৰাকশ্যনৰ কাৰ্য্যালয়ৰ হাবি-জংঘলৰ মাজত মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

উদ্ধাৰ হোৱা মৃতদেহটো আফজল আলি চৌধুৰী নামৰ এজন ব্যক্তিৰ বুলি জানিব পৰা গৈছে।

মৃতদেহ উদ্ধাৰ হোৱা ব্যক্তিজন মঙলবাৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল লগতে ব্যক্তিজনে ব্যাৱহাৰ কৰি থকা মোবাইল ফোনটোও চুইচ অফ হৈ আছিল।

ইপিনে, এই ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত জালুকবাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৰ্তমান প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে।

মৃত আফজল আলি চৌধুৰীৰ ঘৰ চাংসাৰিত বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে মালিগাঁৱত এজন ব্যক্তিক মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল। ব্যক্তিজনক মৰিয়াই হত্যা কৰাৰ দৃশ্য চিচিটিভি কেমেৰাতো বন্দী হৈছিল।

উক্ত ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতে পুনৰ মালিগাঁলত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই মহানগৰীৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি হোৱাটোকে প্ৰমাণ কৰিছে।

আৰু পঢ়ক : ম্যানমাৰত চ্যুকীৰ দুই ৰাজনৈতিক সহযোগীক ৯০ বছৰ আৰু ৭৫ বছৰ কাৰাদণ্ড আদালতৰ