বিলাসীপাৰাৰ সীমান্তৱৰ্তী মনিপুৰত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ। বগৰীবাৰী আৰক্ষীয়ে আজি ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ কৰে অচিনাক্ত মৃতদেহটো।
কোনো দুৰ্বৃত্তই নিৰ্মম ভাৱে আক্ৰমণ কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল মৃতদেহটো।
বৰ্তমানলৈ মৃতদেহটোৰ কোনো পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।
সম্প্ৰতি মৃতদেহটো বগৰীবাৰী থানাত ৰাখি থৈছে।
আফৰুজুল ইছলাম
আৰু পঢ়ক : “মই ভিডিঅ’টো ডীলীট কৰিবলৈ চেষ্টা কৰিছিলো…” স্কুলৰ অনলাইন গ্ৰুপত শ্বেয়াৰ কৰিলে অশ্লীল ভিডিঅ’