লখিমপুৰত অবিবেচকি ঘটনা ! মৰা গাহৰি উটোৱাই দিলে নৈত

0
303

লখিমপুৰত অবিবেচকি ঘটনা ! মৰা গাহৰি উটোৱাই দিলে নৈত

লখিমপুৰৰ চেনীমাই নৈত উটি আহিছে এটাৰ পিছত আন এটা মৰা গাহৰি । নৈখনত মৰা গাহৰি উটি অহাৰ বাবে নৈ খনৰ কাষৰীয়া অঞ্চল সমূহ দুৰ্গন্ধময় হোৱাৰ লগতে নৈখনৰ পানী অপৰিস্কাৰ হৈ পৰিছে।

লখিমপুৰ জিলাৰ কদম টেঙাবস্তীৰে বৈ যোৱা চেনীমাই নৈ খনৰ পানী ৰাইজে বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে । কিন্তু যোৱা কেইদিনমানৰ পৰা নৈ খনত কোনোৱে ৰ্ফামৰ মৰা গাহৰি সমূহ পেলাইছে।

মৰা গাহৰি সমুহ উটি অহাৰ ফলত অঞ্চলটো দুৰ্গন্ধময় পৰিবেশ সৃষ্টি হৈছে। গাহৰি ৰ্ফাম কৰ্তৃপক্ষৰ এনে কাণ্ড জ্ঞানহীনতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

লগতে স্থানীয় ৰাইজে জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে