মধ্যাহ্ন ভোজনৰ খাদ্যত মৰা জেঠী, ১৭ গৰাকী শিশু চিকিৎসালয়ত ভৰ্তি

0
213
মধ্যাহ্ন ভোজনৰ খাদ্যত মৰা জেঠী, ১৭ গৰাকী শিশু চিকিৎসালয়ত ভৰ্তি
ফটো সৌজন্য-ইণ্টাৰনেট

তামিলনাডুৰ এখন অংগনবাড়ী কেন্দ্ৰত যোগান ধৰা মধ্যাহ্ন ভোজনৰ খাদ্যত মৰা জেঠী উদ্ধাৰ হোৱাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

তামিলনাডুৰ চুড্ডালোৰেত থকা এটা অংগনবাড়ী কেন্দ্ৰত প্ৰস্তুত কৰা মধ্যাহ্ন ভোজনৰ খাদ্যত মৰা জেঠী উদ্ধাৰ হয়।

উক্ত খাদ্য গ্ৰহণ কৰা সোতৰজনকৈ শিশু ইতিমধ্যে অসুস্থ হৈ হস্পিটেলত ভৰ্তি হ’বলগীয়া হৈছে।

জেঠী উদ্ধাৰ হোৱা মধ্যাহ্ন ভোজনৰ খাদ্য গ্ৰহণ কৰাৰ পাছতে শিশুসকলৰ কিছুসংখ্যক অচেতন হোৱাৰ লগতে আন কিছুসংখ্যক শিশুৰ বমি হয়।

এই ঘটনাৰ পাছতে ঘটনাস্থলীত বিভাগীয় লোক উপস্থিত হৈ উক্ত খাদ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

স্থানীয় উপায়ুক্তই সমগ্ৰ ঘটনাটোৰ তদন্ত ঘোষণা কৰাৰ লগতে তদন্তৰ অন্তত দোষী সাব্যস্ত হোৱা লোকসকলক বৰ্খাস্ত কৰিব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও দেশৰ কিছু স্থানত মধ্যাহ্ন ভোজনৰ খাদ্য গ্ৰহণ কৰি শিশু অসুস্থ হোৱাৰ বাতৰি প্ৰকাশ পাইছিল।

আৰু পঢ়ক : ধৰ্ষণৰ সলনি ধৰ্ষণ, প্ৰতিশোধৰ জুইত দুই ভাতৃয়ে ভনীয়েকক ধৰ্ষণ কৰা অভিযুক্তৰ ভনীয়েককো কৰিলে গণধৰ্ষণ