
ই-ৰিক্সাত নিলে মৃতদেহ ! ওলমি গ’ল ভৰি আৰু থোনাৰে বন্ধা মুৰ , ভিডিঅ’ ভাইৰেল
ৰাজস্থানৰ জয়পুৰ চহৰৰ এটা ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।
চহৰখনৰ ৰাজপথে দি ই-ৰিক্সাত এটা মৃতদেহ লৈ যোৱা দেখি হতবাক হৈ পৰিছে লোকসকল।
ইফালে গাড়ী চলাই যোৱা এজন ব্যক্তিয়ে ইয়াৰ এটা ভিডিঅ’ বনাইছিল।
যিটো এতিয়া সামাজিক মাধ্যমত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।
দৰাচলতে দেওবাৰে ৰাতিপুৱা ঠাণ্ডাৰ বাবে এজন যুৱকৰ মৃত্যু হৈছিল।
যুৱকৰ মৃতদেহটো মহিলা চিকিৎসালয়খনৰ ওচৰত পৰি আছিল।
যেতিয়া কিছুমান শিশুৱে পুৱা প্ৰায় ৮.৪৫ বজাত খেলিবলৈ তাত উপস্থিত হৈছিল তেতিয়াই ঘটনাটো পোহৰলৈ আহে |
শিশুসকলে আৰক্ষীক খবৰ দিছিল।মৃতদেহটোৰ কিছু কিছু অংশ বনৰীয়া জন্তুৱে খাই দিছিলে |
ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় |
কিন্তু আৰক্ষীৰ ওচৰত মৃতদেহটো নিবলৈ কোনো গাড়ী নথকাৰ বাবে এখন ই-ৰিক্সাতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় |
মৃতদেহটো ই-ৰিক্সাখনত নিয়াৰ ফলত বাহিৰলৈ ভৰিটো ওলমি থকা ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে | ঘটনাটোৰ পিছতে চাঞ্চল্যই বিৰাজ কৰিছে |