চাঞ্চল্যকৰ ঘটনা ! নলাৰ কাষত ছুটকেছত উদ্ধাৰ হ’ল মহিলাৰ মৃতদেহ

0
2271

চাঞ্চল্যকৰ ঘটনা ! নলাৰ কাষত ছুটকেছত উদ্ধাৰ হ’ল মহিলাৰ মৃতদেহ

পশ্চিম দিল্লীৰ পাঞ্জাৱী বাগ অঞ্চলত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।পশ্চিম দিল্লীৰ পাঞ্জাৱী বাগ অঞ্চলত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে। তথ্য অনুসৰি,মহিলাগৰাকীৰ মৃতদেহটো ৰিং ৰোডৰ ওচৰৰ এটা লেতেৰা নলাৰ কাষত উদ্ধাৰ কৰা হৈছিল।

অৱশ্যে, মৃত মহিলাগৰাকীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই । জানিব পৰা মতে এজন পথচাৰীয়ে ৰাজৌৰী গাৰ্ডেনৰ পৰা পাঞ্জাৱী বাগলৈ যোৱা ৰিং ৰোডৰ ওচৰত পৰি থকা এটা চুটকেচ দেখি আৰক্ষীক অৱগত কৰাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল।

পাঞ্জাৱী বাগ আৰক্ষী থানা ঘটনাস্থলীত উপস্থিত হৈ চুটকেচটোৰ পৰা মৃতদেহটো উদ্ধাৰ কৰিছিল।আৰক্ষীয়ে মহিলাগৰাকীক হত্যা কৰি এইদৰে ছুটকেছত ভৰাই থোৱা বুলি নিশ্চিত কৰিছে। হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ বয়স আনুমানিক ২৮ ৰ পৰা ৩০ বছৰ হ’ব বুলি সন্দেহ কৰা হৈছে।

ইফালে ছুটকেছটোৰ ভিতৰতে মহিলাগৰাকীৰ মৃতদেহটো গলিবলৈ আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি মহিলাগৰাকীক ৮ ৰ পৰা ১০ দিন আগতে হত্যা কৰা হৈছিল বুলি অনুমান কৰা হৈছে।বৰ্তমান, আৰক্ষীয়ে গোচৰটোৰ তদন্ত কৰি আছে।ইফালে মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।