শোকাৱহ ঘটনা ! বিয়ালৈ মাত্ৰ ১০ দিন থাকোতে উদ্ধাৰ যুৱতীৰ মৃতদেহ

0
1596

শোকাৱহ ঘটনা ! বিয়ালৈ মাত্ৰ ১০ দিন থাকোতে উদ্ধাৰ যুৱতীৰ মৃতদেহ

উত্তৰ প্ৰদেশত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। উত্তৰ প্ৰদেশৰ বান্দাৰ বিখ্যাত গৌৰা বাবা মন্দিৰৰ ওচৰৰ পুখুৰীত এগৰাকী যুৱতীৰ মৃতদেহ ওপঙি থকা অৱস্থাত পোৱা গৈছিল।

মৃতদেহটো দেখি মানুহে লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পুখুৰীৰ পৰা যুৱতী গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘটনাটো আত্ৰা আৰক্ষী থানা অঞ্চলৰ গৌৰা বাবাৰ ওচৰৰ এটা পুখুৰীত সংঘটিত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি,মৃত যুৱতী গৰাকীক চিনাক্ত কৰা হৈছে।যুৱতী গৰাকী আত্ৰা চহৰৰ এটা অঞ্চলৰ বাসিন্দা আছিল।

তেওঁৰ বিয়া ৯ ফেব্ৰুৱাৰীত কালিঞ্জাৰ আৰক্ষী থানা এলেকাৰ এজন যুৱকৰ সৈতে ঠিক কৰা হৈছিল।

জানিব পৰা মতে যুৱতী গৰাকী মানসিকভাৱে অসুস্থ আছিল।

বৰ্তমান, এইটো এটা হত্যা নে আত্মহত্যা সেয়া নিশ্চিত হোৱা নাই।

তথ্য অনুসৰি যুৱতীগৰাকীয়ে তেওঁৰ পৰিয়ালৰ সৈতে গৌৰা বাবা মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল।

মন্দিৰৰ পৰা হঠাতে যুৱতী গৰাকী নোহোৱা হয়। ইয়াৰ পিছত গৌৰা বাবা মন্দিৰৰ ওচৰত নিৰ্মিত এটা পুখুৰীৰ পৰা তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰা হয়।

যুৱতী গৰাকীৰ বিয়াৰ বাবে প্ৰস্তুতিও চলি আছিল। কাৰ্ড আদিও বিতৰণ কৰা হৈছিল।

কিন্তু তাৰ মাজতে এই বেয়া খবৰটো পৰিয়ালৰ লোকে পাই। ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।