১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ

0
81
অট্টালিকাৰ পৰা পৰি এজন সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ মৃত্যু
প্ৰতিনিধিত্বমূলক চিত্ৰ

বিলাসীপাৰাৰ আঙ্গাৰকাটাত অঘটন। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

মৃতদেহটোৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ থকাত কোনো দুষ্কৃতিকাৰীয়ে যুৱক জনক হত্যা কৰি পেলাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

মৃত যুৱক জন ধুবুৰী ষ্টেচন ৰোডৰ নবিউল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

ঘটনাস্থলীত বগৰীবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।