29 C
Guwahati
Monday, July 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ঈদৰ আনন্দৰ মাজতে নৈত গা ধুবলৈ গৈ সন্ধানহীন ৩ যুৱক, ২জনৰ উদ্ধাৰ মৃতদেহ

    ঈদৰ আনন্দৰ মাজতে নৈত গা ধুবলৈ গৈ সন্ধানহীন ৩ যুৱক, ২জনৰ উদ্ধাৰ মৃতদেহ

    পবিত্ৰ ঈদৰ আনন্দ উল্লাসৰ মাজতে লখিমপুৰৰ সোঁৱশিৰি নৈত সংঘটিত হৈছ এক শোকাৱহ ঘটনা। নৈত গাঁ ধুবলৈ গৈ সন্ধানহীন হয় তিনি যুৱক। ইয়াৰে দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও সন্ধানহীন হৈ আছে এজন যুৱক।

    জানিব পৰা মতে, সলিল সমাধি ঘটনা আটাইকেইজন যুৱকৰে ঘৰ লখিমপুৰ নগৰৰ মৈদমীয়াত। ঈদৰ আনন্দৰ মাজতে যুৱক তিনি জনে সোঁৱশিৰিত একেলগে গা ধুবলৈ নামিছিল।

    নৈৰ প্ৰবল সোঁতে তিনিওকে উটুৱাই লৈ যায়। সন্ধানহীন তিনি যুৱক ক্ৰমে- মামুদ হাছান, ছাদিকুল হক আৰু আদনান জামান হাজৰিকা।ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে SDRF য়ে অভিযান চলাই উদ্ধাৰ কৰিছে দুজনৰ মৃতদেহ।

    উদ্ধাৰ হোৱা যুৱক দুজন ক্ৰমে- আদনান জামান হাজৰিকা আৰু মামুদ হাছান। সন্ধানহীন আন এজনক বিচাৰি SDRF য়ে আজি সন্ধিয়া পৰ্যন্ত অভিযান অব্যাহত ৰাখে যদিও কোনো শুংসূত্ৰ নাপাই আন্ধাৰৰ বাবে অভিযান সামৰে।

    কাইলৈ পুনৰ সন্ধানহীন যুৱক জনৰ সন্ধানত SDRF য়ে অভিযান চলাব বুলি জানিব পৰা গৈছে। পবিত্ৰ ঈদৰ পিছদিনাই সংঘটিত এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ লখিমপুৰতে।

    ইনপুট: হাচিনুৰ আলম।

    আৰু পঢ়ক : ফটো শ্বুট কৰাৰ চলেৰে নাবালিকাক লৈ গ’ল হোটেললৈ, তাৰপিছতেই দলবদ্ধ ধৰ্ষণৰ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং