গুৱাহাটী মহানগৰীত নলাত উদ্ধাৰ বস্তাত বান্ধি থোৱা মৃতদেহ, তীব্ৰ চাঞ্চল্য

0
928
নৃশংস; মাত্ৰ ১০০ টকাৰ বাবেই এজন দোকানীক হত্যা
প্ৰতিকী ফটো

গুৱাহাটী মহানগৰীত নলাত উদ্ধাৰ বস্তাত বান্ধি থোৱা মৃতদেহ, তীব্ৰ চাঞ্চল্য

গুৱাহাটী মহানগৰীৰ মালিগাঁৱত বস্তাত বান্ধি থোৱা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি আজি চাঞ্চল্যৰ সৃষ্টি হৈছে মালিগাঁৱত।

মালিগাঁৱৰ দেৱ কটা নগৰৰৰ এটা নলাত বস্তাত বান্ধি থোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ হয়।

বৰ্তমানলৈ উদ্ধাৰ হোৱা মৃতদেহটো চিনাক্তকৰণ কৰা হোৱা নায়।

মালিগাঁৱৰ নলাত মৃতদেহ উদ্ধাৰৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত জালুকবাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

গুৱাহাটী মহানগৰীৰ মাজ-মজিয়াত এনেদৰে কোনে মৃতদেহ বস্তাত বান্ধি পেলাই থৈ গ’ল সেই কথা জানিব পৰা হোৱা নায়।

স্থানীয় একাংশ লোকে কোনো লোকে হত্যাকাণ্ড সংঘটিত কৰিয়ে এনেদৰে মৃতদেহটো বস্তাত বান্ধি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো কথা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

আৰু পঢ়ক : ‘মোক ৰিম’টৰ দ্বাৰা চলোৱা হৈছে’, এনএছএ অজিত দোভালৰ বাসগৃহত প্ৰৱেশৰ চেষ্টা কৰা ধৃত ব্যক্তিৰ স্বীকাৰোক্তি