29 C
Guwahati
Thursday, October 21, 2021
More

    নতুন স্থানলৈ নিয়া হ’ব কামৰূপ মেট্ৰ’ জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়

    কামৰূপ মেট্ৰ’ জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ ঠিকনা সলনি কৰাৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ।

    পাণবজাৰৰ কাছাৰীঘাটস্থিত কামৰূপ মেট্ৰ’ জিলা উপায়ুক্তৰ কাৰ্যালয়টো ভঙাগড়ৰ সমীপৰ ৰূপনগৰত নিৰ্মাণ কৰা হ’ব আৰু আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয়ৰ ঠিকনা হ’ব খানাপাৰা।

    ৰূপনগৰৰ ‘অসম চৰকাৰৰ নিৰ্মাণ নিগম (পৰিসীমিত)’ৰ পূৰ্বৰ কাৰ্যালয় আঁতৰাই ১০ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব উপায়ুক্তৰ নতুন কাৰ্যালয়।

    আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰূপনগৰৰ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত এই কথা জনায়।

    তেওঁ কয় যে বৰ্তমান অতি ঠেক পৰিসৰত আছে সেয়ে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ লগতে গুৱাহাটী ৰাজহ চক্ৰ বিষয়া আৰু জ্যেষ্ঠ উপ পঞ্জীয়কৰ কাৰ্য্যালয়টো ৰূপনগৰলৈ স্থানান্তৰৰ সিদ্ধান্ত লোৱা হৈছে।

    এই পৰ্যন্ত নিৰ্মাণ কাৰ্যৰ বাবে বাজেট নিৰ্ধাৰণ কৰা হোৱা নাই যদিও অহা তিনি বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।

    নতুন কাৰ্যালয় চৌহদত ২০০ খন গাড়ী পাৰ্কিং কৰিব পৰা ব্যৱস্থাও থাকিব আৰু পুৰণি উপায়ুক্ত কাৰ্যালয় চৌপাশ ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য বৰ্ধন কৰা হ’ব বুলি জানিব দিয়ে।

    আনহাতে খানাপাৰাস্থিত জৈৱিক উৎপাদন প্ৰতিষ্ঠান পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় চৌহদত নিৰ্মাণ হ’ব নতুন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো।

    আজি পুৱাই খানাপাৰৰ সেই স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী শৰ্মাই আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো ৩ বিঘা মাটিত নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি কয়।

    নতুনকৈ নিৰ্মাণ হ’ব লগীয়া আৰক্ষী আয়ুক্তৰ কার্যালয়টো ৯ মহলীয়া অট্টালিকা হ’ব বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয়, ‘কটকটীয়া নিৰাপত্তা আৰু পাৰ্কিং থাকিব। সকলো ডিচিপি বহাৰ সুবিধা থাকিব। অসমৰ কাৰেংঘৰৰ আৰ্হিত নিৰ্মান হ’ব’।

    দুই মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য আৰম্ভ হ’বলগীয়া আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো প্ৰায় ১০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হ’ব।

    মুখ্যমন্ত্ৰীৰ ভূমি পৰিদৰ্শনৰ সময়ত মন্ত্ৰী অশোক সিংঘালৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল।

    আৰু পঢ়ক : বহি: ৰাজ্যত পুনৰ নিৰুদ্দেশ অসমৰ যুৱক, ট্ৰেইনৰ পৰা নমাৰ পিছতেই সন্ধানহীন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং