
গুৱাহাটীত চাঞ্চল্যকৰ দিন ডকাইতি, পিষ্টল দেখুৱাই শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন
ৰাজ্যৰ ৰাজধানী গুৱাহাটীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে দিন ডকাইতিৰ ঘটনা। প্ৰতিদিনেই যেন মহানগৰীৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে দিন ডকাইটিৰ ঘটনা।
দিছপুৰ আৰক্ষীৰ ডকাইটিৰ বিৰুদ্ধে অভিযান অব্যাহত থাকোতেই পুনৰ মহানগৰীত সংঘটিত হয় দিন ডকাইটিৰ ঘটনা।
এইবাৰ জালুকবাৰীৰ তেতেলীয়াৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। মূৰত পিস্তল লগাই দুই দুৰ্বৃত্তই যুৱতীৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন।
ভুক্তভোগী মহিলাগৰাকী আৰ্য নাৰ্চিং কলেজৰ শিক্ষয়িত্ৰী মনালী দেৱী বুলি জানিব পৰা গৈছে।
উল্লখযোগ্য যে, হেলমেট পৰিধান কৰি বাইকত আহিছিল দুই দুৰ্বৃত্ত আৰু মনালী দেৱীয়ে গাড়ীৰ বাবে ৰখি থকা অৱস্থাতে সংঘটিত হয় এই লোমহৰ্ষক ডকাইতি কাণ্ড।
ভুক্তভোগী মনালী দেৱীয়ে বৰ্তমান জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বও গুৱাহাটীৰ ছুপাৰ মাৰ্কেট আৰু গুৱাহাটী ক্লাবত এই ধৰণ অনুৰূপ ঘটনা সংঘটিত হৈছিল।
বাৰম্বাৰ এইধৰণৰ ঘটনা সংঘটিত হৈ থকাৰ পিছতো আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাত এতিয়া ক্ষুন্ন হৈ পৰিছে মহানগৰৰ সচেতন লোক।