31 C
Guwahati
Thursday, September 29, 2022
More

    বোৱাৰীৰ আছিল অবৈধ সম্পৰ্ক ! শাহুৱে হত্যা কৰি হাতত কটা মুৰটো লৈ পালেগৈ থানা

    বোৱাৰীৰ আছিল অবৈধ সম্পৰ্ক ! শাহুৱে হত্যা কৰি হাতত কটা মুৰটো লৈ পালেগৈ থানা

    অন্ধ্ৰ প্ৰদেশৰ অন্নমায়া জিলাত এটা আচৰিত ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে এগৰাকী মহিলাই তেওঁৰ বোৱাৰীৰ কটা মুৰটো হাতত লৈ উপস্থিত আৰক্ষী চকীত ।

    আৰক্ষীৰ তথ্য় মতে ৰামপুৰম অঞ্চলৰ বাসিন্দা চুব্বাম্মাই সম্পত্তিৰ বিবাদৰ বাবে তেওঁৰ বোৱাৰী বসুন্ধৰাক হত্যা কৰে । “মৃত ৩৫ বছৰীয়া মহিলা গৰাকী আৰু তেওঁৰ হত্যাকাৰী শাহুৰ সৈতে দুয়ো গৰাকী একেটা ঘৰতে বাস কৰি আছিল।মৃত মহিলাগৰাকীৰ দুগৰাকী কন্যাসন্তান আছে আৰু মহিলা গৰাকীৰ স্বামীৰ ইতিমধ্যে মৃত্যু হৈছে।

    কিন্তু মৃত বোৱাৰী গৰাকীৰ এজন যুৱকৰ লগত অবৈধ সম্পৰ্ক আছে। দৰাচলতে হত্যাকাৰী শাহুগৰাকীৰ কিছু সম্পত্তি আৰু টকা আছিল যি বোৱোৰিয়েকে তেওঁৰ প্ৰেমিকৰ লগত আত্মসাৎ কৰিব বুলি তেওঁ ভাবিছিল ।

    গতিকে অভিযুক্তগৰাকীয়ে আশংকা কৰিছিল যে তেওঁৰ নাতিনীসকলৰ প্ৰতি অন্যায় কৰা হ’ব। এইকথাকে লৈ দুয়োৰে মাজত প্ৰথমে তৰ্ক আৰু পিছলৈ ডাঙৰ কাজিয়া হৈছিল ।

    আৰু এই কাজিয়াতে শাহুয়েক চোকা অস্ত্ৰৰে বোৱাৰিয়েকক ডিঙি কাটি হত্যা কৰে। পিছত শাহুৱেকে বোৱাৰীগৰাকী কটা মুৰটো লৈ আৰক্ষী চকীত উপস্থিত হয়। তেওঁ সকলো কথা স্বীকাৰ কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং