26 C
Guwahati
Tuesday, September 27, 2022
More

    হায়ৰে পিতৃৰ কৰ্তব্য ! নিজেই নিজৰ কন্যাক বহু দিন ধৰি ধৰ্ষণ, সকলো জানিয়ো মাতৃ নিমাত

    হায়ৰে পিতৃৰ কৰ্তব্য ! নিজেই নিজৰ কন্যাক বহু দিন ধৰি ধৰ্ষণ, সকলো জানিয়ো মাতৃ নিমাত

    হায়ৰে পিতৃৰ কৰ্তব্য ! নিজেই নিজৰ কন্যাক বহু দিন ধৰি ধৰ্ষণ, সকলো জানিয়ো মাতৃ নিমাত। বৰপেটাত সভ্য সমাজক লজ্জানত কৰা এই নিকৃষ্ট তথা বৰ্বৰ ঘটনা সংঘটিত হৈছে। পিতৃৰ যৌন কামনাৰ বলি কন্যা।

    পিতৃৰ বিৰুদ্ধে যৌন আতিশয্য চলোৱাৰ অভিযোগ ১২ বছৰীয়া কন্যাৰ। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত বণিক্য উপাধীৰ লম্পট পিতৃগৰাকীক আটক বৰপেটা আৰক্ষীৰ।

    স্থানীয় ৰাইজৰ সহযোগত আটক লম্পট পিতৃক বৰ্তমানে বৰপেটা সদৰ থানাত জেৰা অব্যাহত। পিতৃ জনৈক বণিক্যৰ বিৰুদ্ধে কন্যাক দীৰ্ঘ দিনৰ পৰা যৌন আতিশয্য চলাই অহাৰ অভিযোগ।

    পিতৃৰ পৈশাচিক আচৰণত অতীষ্ঠ হৈ চুবুৰিয়াক ঘটনাৰ বিষয়ে বিৱৰি কোৱাত অৱশেষত দুৰ্ভগীয়া শিশু কন্যাটিক সহায় কৰিবলৈ আগবাঢ়ি আহে স্থানীয় ৰাইজ।

    ৰাইজৰ খবৰৰ ভিত্তিত বৰপেটা নগৰ আৰক্ষীৰ এটা দলে শুকুৰবাৰে সন্ধিয়া লোকগৰাকীৰ ভাড়া ঘৰৰ পৰা আটক কৰে। পেছাত নাপিত তথা জন্ম সূত্ৰে গোৱালপাৰাৰ বাসিন্দা বণিক্যই দ্বিতীয় পত্নী আৰু ১২ বছৰীয়া কন্যাৰ সৈতে বিগত এবছৰ ধৰি বৰপেটা চহৰৰ মধ্য মেটুৱাকুছিত ভাড়াতীয়া হিচাপে আছিল।

    পিতৃয়ে অসৎ কামনা চৰিতাৰ্থ কৰাত সতীয়া মাতৃয়েইও সহযোগ কৰা বুলি বিস্ফোৰক অভিযোগ কৰে ভুক্তভোগী শিশুটিয়ে। কিয়নো ঘটনাৰ বিষয়ে সময়ে সময়ে সতীয়া মাতৃক অৱগত কৰাৰ পিচতো তেওঁ এইক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল বুলি অভিযোগ উত্থাপন কৰে দুৰ্ভগীয়া শিশুটিয়ে।

    Input- Ganesh Ch Saha

    আৰু পঢ়ক : ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপতত জিলিকিল অসম; এগৰাকীয়ে আনিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান, আনএখনে আনিলে শ্ৰেষ্ঠ ছবিৰ বঁটা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং