28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ১৫ জুলাইৰ পৰা ২০ জুলাইৰ ভিতৰত অনুষ্ঠিত হ’ব মাধ্যমিক-উচ্চ মাধ্যমিক পৰীক্ষা-মুখ্যমন্ত্ৰী শৰ্মা

    কোভিডত আক্ৰান্ত হৈ বিধবা হোৱা মহিলাক ২.৫০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

    ১৫ জুলাইৰ পৰা ২০ জুলাইৰ ভিতৰত অনুষ্ঠিত হ’ব মাধ্যমিক-উচ্চ মাধ্যমিক পৰীক্ষা,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰঞ্জিত দাস , মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, মন্ত্ৰী ইউ জি ব্ৰহ্ম ৰ উপস্থিতত এই ঘোষণা।

    অৱশ্যে, ১ জুলাই লৈ পজিটিভিটীৰ ৰেট ২লৈ হ্ৰাস নাপালে বাতিল হ’ব পৰীক্ষা, ছাত্ৰ-ছাত্ৰীসকলক লৈ এই বৃহৎ ঘোষণা।

    যি লৈয়ে বিগত কেইবাদিনো ধৰি ৰাজ্য তোলপাৰ লাগি আছিল, সেই বিষয়ে আজি মুখ্যমন্ত্ৰীয়ে ঘোষমা কৰে। পৰীক্ষা বাতিলৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আন্দোলন চলি থকাৰ মাজতে আজি মুখ্যমন্ত্ৰীয়ে পৰীক্ষাৰ সময় ঘোষণা কৰেষ। অৱশ্যে বৰ্তমানেও ইয়াৰ সঠিক দিন সদৰি কৰা নাই।

    সেই অনুষ্ঠানতেই দীঘলীয়া যাত্ৰাৰ প্ৰথমটো খোজ নামেৰে ৰাজ্য চৰকাৰ গুৰুত্বপূৰ্ণ আঁচনিৰ শুভ উদ্বোধন। শিশু সেৱা আঁচনিৰ শুভ উদ্বোধন। ২৯ মে তাৰিখে এই আঁচনিৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

    কোভিডত আক্ৰান্ত হৈ বিধবা হোৱা মহিলাক ২.৫০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ। লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫০ কোটি টকাৰ ভেকচিনৰ বাবে ব্যয় কৰা হৈছে বুলিও সদৰি কৰে।

    উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। জনবিষ্ফোৰনক লৈ শংকিত চৰকাৰ। AAMSU, AIUDF দলক জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰাৰ বাবে আহ্বান জনাই। লগতে কয় যে, ১০টা ১৫ টাকৈ সন্তান জন্ম হলে চৰকাৰে কত ঠাই দিব। যাৰ বাবেই চৰাকৰে মুছলমান মহিলাৰ শিক্ষাৰ বাবে বিশেষ ভাৱে কাম কৰিব লাগিব বুলি সদৰি কৰে।

    আৰু পঢ়ক : কৌভড চিন্দ্ৰম- মহিলাৰ দৰে যেতিয়া পুৰুষেও গৰ্ভধাৰণ কৰে….

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published