কামত নাহিল শ্ৰীলংকাৰ অধিনায়কৰ শতক; গুৱাহাটীত ৬৭ ৰানৰ বৃহৎ ব্যৱধানত জয়ী ভাৰত

0
247

গুৱাহাটী এদিনীয়াত শ্ৰীলংকাক পৰাস্ত কৰিছে ভাৰতে। ভাৰতে ৬৭ ৰানৰ বৃহৎ ব্যৱধানত শ্ৰীলংকাক পৰাস্ত কৰে। এই জয়েৰে টিম ইণ্ডিয়াই তিনিখন মেচৰ শৃংখলাত ১-০ গ’লত অগ্ৰগতি লাভ কৰে।

ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ৩৭৩ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই নিৰ্ধাৰিত অভাৰত ৮ উইকেটৰ বিনিময়ত মাত্ৰ ৩০৬ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

শ্ৰীলংকাৰ হৈ অধিনায়ক দাছুন ছানাকাই ১০৮ ৰানৰ দৰ্শনীয় অপৰাজিত ইনিংছ খেলে। ছানাকাৰ বেটৰ পৰা ১২টা চাৰি আৰু তিনিটা ছয় আহে। তদুপৰি অ’পেনাৰ পাথুম নিছাংকাই ৭২ ৰানৰ বৰঙণি আগবঢ়াই।

ভাৰতৰ হৈ সৰ্বাধিক উমৰান মালিকে তিনিটা উইকেট দখল কৰে। ইয়াৰ উপৰি মহম্মদ ছিৰাজে দুটা আৰু ছামি, পাণ্ডিয়া আৰু চাহালে এটাকৈ উইকেট লাভ কৰে।

ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ ৮৭টা বলত ১১৩ ৰানৰ দৰ্শনীয় শতকীয় ইনিংছৰ সহায়ত ৩৭৪ ৰানৰ বৃহত টাৰ্গেট বান্ধি দিবলৈ সক্ষম হয়। কোহলীৰ উপৰি অধিনায়ক ৰোহিত শৰ্মাই ৮৩ আৰু শুভমন গিলে ৭০ ৰানৰ বৰঙণি আগবঢ়ায়।

উল্লেখ্য যে আজিৰ মেচখনত বিৰাট কোহলীয়ে লাভ কৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান।