অনুৰাগীৰ বাবে আন এক দুখবৰ; বিশ্বকাপৰ পূৰ্বে আঘাত হ’ল এইগৰাকী তাৰকা ক্ৰিকেটাৰ

0
15766

টি-২০ বিশ্বকাপৰ পৰা পূৰ্বে নিউজিলেণ্ড, পাকিস্তান আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত চলি আছে ট্ৰাই-ছিৰিজ। টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ ক্ষেত্ৰত তিনিওটা দলৰ বাবে এই শৃংখলাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

কিন্তু ইয়াৰ মাজতে নিউজিলেণ্ডৰ এগৰাকী তাৰকা খেলুৱৈ আঘাতপ্ৰাপ্ত হোৱাৰ খবৰত অনুৰাগীসকল হতাশ হৈ পৰিছে।

শুকুৰবাৰে অনুশীলনৰ সময়ত নিউজিলেণ্ডৰ বেটছমেন ডেৰিল মিচেলে আঙুলিত আঘাত পোৱাৰ ফলত তেওঁ টি-২০ ট্ৰাই-ছিৰিজৰ বাকী থকা মেচ সমূহত খেলিব নোৱাৰিব।

অনুশীলনৰ সময়ত বেটিং কৰি থাকোতে অলৰাউণ্ডাৰগৰাকী আঘাতপ্ৰাপ্ত হয় আৰু এক্স-ৰেত দেখা যায় যে তেওঁৰ হাতৰ সৰু আঙুলিটো ভাঙি গৈছে।

নিউজিলেণ্ড দলৰ ফিজিঅ’ৱে জানিব দিয়া অনুসৰি মিচেলে আঘাতৰ পৰা সম্পূৰ্ণৰূপে উপশম হ’বলৈ দুসপ্তাহ সময় লাগিব।

ইফালে মিচেলে বিশ্বকাপ খেলিব পাৰিব নে নাই সেয়া সময়তহে ক’ব পাৰিব বুলি নিউজিলেণ্ড দলৰ প্ৰশিক্ষকে মন্তব্য কৰে।

তেওঁ কয়, ‘এইটো অত্যন্ত দুখজনক খবৰ। তেওঁ আমাৰ টি-২০ দলৰ গুৰুত্বপূৰ্ণ সদস্য। ট্ৰাই শৃংখলাটোত তেওঁৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিম’।

প্ৰশিক্ষকগৰাকীয়ে লগতে কয় যে বিশ্বকাপৰ বাবে এতিয়াও তেওঁলোকৰ হাতত দুসপ্তাহৰো অধিক সময় আছে আৰু মিচেলৰ সন্দৰ্ভত বিবেচনা কৰাৰো পৰ্যাপ্ত সময় আছে।