মাত্ৰ ৩ বছৰ বয়সতেই যৌন নিৰ্যাতনৰ বলি! শৈশৱৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা স্বীকাৰ জনপ্ৰিয় অভিনেত্ৰীৰ

0
27201

মাত্ৰ তিনিবছৰ বয়সতেই যৌন নিৰ্যাতনৰ বলি হৈছিল এই গৰাকী অভিনেত্ৰী।এই কথা নিজে স্বীকীৰ কৰিছে ডংগলৰ অভিনেত্ৰী ফাটিমা চানা শ্বেইখে।সম্প্ৰতি এক সাক্ষাতকাৰত শৈশৱৰ সেই ভয়ংকৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে অভিনেত্ৰী গৰাকীয়ে।

সম্প্ৰতি এক ৱেবছাইটৰ সাক্ষাৎকাৰত নিজৰ অন্ধকাৰময় অধ্যায়ৰ কথা প্ৰকাশ কৰিছে অভিনেত্ৰী গৰাকীয়ে।শোষণৰ চিকাৰ হোৱাৰ বাবে মুখ নোখোলাৰ কথা প্ৰকাশ কৰিছে। কিন্তু এতিয়া সময় পৰিৱৰ্তন হৈছে।এতিয়াৰ মানুহ সচেতন হৈছে বুলি প্ৰকাশ কৰে জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে।

তাৰোপৰি অভিনেত্ৰী গৰাকীয়ে কাষ্টিং হাউচৰ প্ৰসংগতো বহু প্ৰশ্ন কৰিছে। যৌনতাৰ বিনিময়ত অভিনয়ৰ প্ৰস্তাৱ আগবঢ়োৱাৰ কথা প্ৰকাশ পৰিছে।যাৰ বাবে বহুবাৰ বহু সুযোগ হেৰুৱাইছে।

Photo Credit: DNA India