26 C
Guwahati
Thursday, September 16, 2021
More

    অদ্ভুত সৌন্দৰ্য্য, চুলিৰ নামত মূৰত গুজি ল’লে সোণৰ চেইন, দাঁত বোৰো সোণৰ

    ফেশ্বনৰ নামত মানুহে কি কি যে নকৰে, তাৰ লেখ সীমা নাই। প্ৰায় প্ৰতিদিনেই খবৰ পোৱা যায় কোনো নহয়নে কোনো লোকৰ অদ্ভুত চখৰ কথা।

    এইবাৰ এগৰাকী ব্যক্তিয়ে নিজৰ চুলিৰ ঠাইত অস্ত্ৰোপচাৰৰ জৰিয়তে মূৰত গুজি ল’লে সোণৰ চেইন । আৰু প্ৰতিডাল চেইনৰ ডিজাইনো বেলেগ বেলেগ।

    কেৱল চুলিবোৰেই সোণৰ কৰি লোৱা নাই সেই ব্যক্তিয়ে আনকি দাঁত বোৰো সোণৰ বনাই লৈছে। ডিঙিতো পিন্ধে বহুত সোণ।

    এই অদ্ভুত চখ ৰখা ব্যক্তি গৰাকী হৈছে মেক্সিকান ৰেপাৰ ডান ছুৰ (Dun Sur) । বিখ্যাত ৰেপাৰ এই ডান ছুৰেই চলিত বৰ্ষতেই মূৰৰ সম্পূৰ্ণ চুলি আতৰাই তাৰ ঠাইত সোণৰ চেইন গুজি লয়।

    View this post on Instagram

    A post shared by Dan Sur (@dansurig)

    আৰু পঢ়ক : পৰীক্ষাত ভাল ফলাফল কৰাৰ বাবে পিতৃয়ে দিছিল মোবাইল, অনলাইন গেমত আসক্ত হৈ যুৱকে কৰিলে এই কাম…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং