27 C
Guwahati
Thursday, September 29, 2022
More

    বিদ্যালয়ত অধ্যক্ষৰ কলহৰ পৰা খাইছিল পানী ! সঞ্চালকৰ প্ৰহাৰত মৃত্যু হ’ল ছাত্ৰৰ

    বিদ্যালয়ত অধ্যক্ষৰ কলহৰ পৰা খাইছিল পানী ! সঞ্চালকৰ প্ৰহাৰত মৃত্যু হ’ল ছাত্ৰৰ

    ৰাজস্থানৰ জালোৰ জিলাত এজন দলিত ছাত্ৰক শিক্ষকে প্ৰহাৰ কৰি হত্যা কৰে।জানিব পৰা মতে ২০ জুলাইত সুৰানা গাঁৱৰ সৰস্বতী বিদ্যা মন্দিৰৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ইন্দ্ৰ কুমাৰে আন দিনাৰ দৰে সেইদিনাও বিদ্যালয়লৈ গৈছিল।

    বিদ্যালয়ত জিৰণীৰ সময়ত খেলা-ধূলা কৰি পিয়াহ লগাত বিদ্যালয়ত থকা কলহৰ পৰা পানী খায়। কিন্তু সেই কলহটো বিদ্যালয় খনৰ অধ্যাপক ছাইল সিঙৰ বাবে পৃথকৈ ৰখা হৈছিল।

    তেওঁ এই বিষয়ে গম পোৱাত বিদ্যালয়ৰ সঞ্চালকক বিষয়টো অৱগত কৰে। দলিত জাতি হোৱাৰ পিছতো ছাত্ৰজনে সেই কলহটো স্পৰ্শ কৰাৰ বাবে সঞ্চালক জনে ইন্দ্ৰক প্ৰথমতে জাতিক লৈ গালি পৰাৰ পিছত আক্ৰমণ কৰে।

    ছাত্ৰজনক ইমানেই বেয়াকৈ মাৰ-পিট কৰে যে তেওঁ আভ্যন্তৰীণ আঘাতপ্ৰাপ্ত হয়।সঞ্চালকজনৰ প্ৰহাৰৰ ফলত তৃতীয় শ্ৰেণীৰ ছাত্ৰজনৰ সোঁ কাণ আৰু চকুত গুৰুত্বৰভাৱে আঘাত পায়।

    ছাত্ৰজনে ঘৰলৈ গৈ সকলো কথা দেউতাকক অৱগত কৰে। ছাত্ৰজনক প্ৰথমে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে যদিও পিছত উন্নত চিকি ৎসাৰ বাবে আহমেদাবাদলৈ লৈ যোৱা হয়।

    কিন্তু ১৩ আগষ্টত চিকি ৎসাধীন অৱস্থাতে ছাত্ৰজনৰ মৃত্যু হয়। ছাত্ৰজনৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে সঞ্চালক গৰাকীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰে।

    ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে সঞ্চালক গৰাকীক গ্ৰেপ্তাৰ কৰিছে। ঘটনাটোৰ পিছত অঞ্চলটোত পৰিস্থিতি ইমানেই উতপ্ত হয় যে চৰকাৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰিব লগা হৈছে।

    ,

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং