দলগাঁৱত নিশা চুৰিকাণ্ড, সমগ্ৰ দৃশ্য বন্দী চিচিটিভি কেমেৰাত…

0
222

দৰঙৰ দলগাঁৱত সোমবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ড৷ নিশা ১ বজাত পেট্ৰল পাম্পৰ কৰ্মচাৰী শুই থকা অৱস্থাতে দুই চোৰে টেবুলৰ ড্ৰয়াৰৰ তলা ভাঙি লুটি নিয়ে ৪ লাখ ৬৫ হেজাৰ টকা৷ দলগাঁৱৰ সমীপৰ বুঢ়িগাঁও ভাৰত পেট্ৰলিয়াম নামৰ পেট্ৰল পাম্পত সংঘটিত হয় এই চাঞ্চল্যকৰ চুৰিকাণ্ড।

চোৰৰ চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী চিচিটিভি কেমেৰাত৷ পেট্ৰল পাম্পৰ ভিতৰৰ মজিয়াত কৰ্মচাৰী এগৰাকী আছিল যদিও নিশা তেওঁ শুই আছিল। যাৰ বাবে দুজন চোৰে বাহিৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয় আৰু ড্ৰয়াৰৰ তলা ভাঙি লুটি নিয়ে চাৰি লক্ষাধিক টকা৷

পেট্ৰল পাম্পটোত সংঘটিত চুৰিকাণ্ডৰ চিচিটিভিৰ দৃশ্য চাই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।