32 C
Guwahati
Sunday, September 19, 2021
More

    দলগাঁৱত দেৱানীৰ অত্যাচাৰ! বিবস্ত্ৰ কৰি মহিলাক প্ৰহাৰ, শিশু দলিয়ালে পানীত পিছত…

    দলগাঁৱত দেৱানীৰ অত্যাচাৰ! বিবস্ত্ৰ কৰি মহিলাক প্ৰহাৰ, শিশু দলিয়ালে পানীত পিছত…

    দৰঙৰ বিভিন্ন গাঁৱত মাটি দখলৰ নামত চলিছে দেৱানী ৰাজ ৷ বলপূৰ্বক ভাৱে দৰিদ্ৰ শ্ৰেনীৰ লোকৰ মাটি দখলৰ চেষ্টা চলাইছে গাঁৱৰ এচাম দেৱানী৷

    দৰঙৰ গদাইঝাৰ গাঁৱৰ পৰিয়াল এটাৰ ঘৰ বাৰী ভাঙি মাৰপিট কৰি লুটপাট চলায় একাংশ লোকে৷ জানিব পৰা মতে গাঁওখনৰ ৬৫ বছৰীয়া শামতুল্লা নামৰ লোকজনৰ ঘৰত পুৱা ৬ বজাত হাতে হাতে লাঠি, দা, আদি লৈ কেইজনমান লোকে প্ৰৱেশ কৰি ঘৰ ভাঙি চূৰমাৰ কৰি ভাঙি পেলোৱাৰ লগতে ঘৰৰ সা সামগ্ৰী লুটপাট কৰে৷

    আক্ৰমনকাৰী দলটোয়ে শামতুল্লাৰ পত্নী ৰেজিয়া বেগমক মাৰপিট কৰি আঙুলী দাৰে কাটি পেলায়৷ দলটোৱে শামতুল্লাৰ বোৱাৰীক বিবস্ত্ৰ কৰি অত্যাচাৰ কৰাৰ লগতে মহিলাগৰাকীৰ ডেৰ বছৰীয়া কেঁচুৱা এটাক পুখুৰীৰ পানীত দলিয়াই দিয়ে যদিও গাঁৱৰ ৰাইজে পানীৰ পৰা কেঁচুৱাজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

    ঘটনাৰ পিছত দলটোৱে পলায়ন কৰে যদিও দলগাঁও থানাৰ উপ-পৰিদৰ্শক মুক্তাৰ ৰহমানৰ সৈতে দলগাঁও আৰক্ষীৰ থানৰ ঋষিকেশ বৰ্মন সহযোগত দলগাঁও আৰক্ষীয়ে গাঁও খনত উপস্থিত হৈ অত্যাচাৰ কৰা দেৱানী সকলৰ সন্ধান চলাই তাহেৰ আলী, আলম, গিয়াছউদ্দিন, আনোৱাৰ হুছেইন নামৰ চাৰিজনক আটক কৰিবলৈ সক্ষম হয়৷

    জানিব পৰা মতে দৰিদ্ৰ পৰিয়ালটোৰ মাটিখিনি গাঁৱৰ এচাম দেৱানী প্ৰকৃতিৰ লোকে গুন্ডাৰাজ চলাই উচ্ছেদ কৰি দখল কৰিবলৈ চেষ্টা চলায়৷ ঘটনাটো কেন্দ্ৰ কৰি গাঁওখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

    input: riki das

    আৰু পঢ়ক : ভাৰতত ৭৫ কোটি লোকক ক’ভিড ভেকচিন, বিশ্ব স্বাস্থ্য সংস্থাৰ শুভেচ্ছা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং