24 C
Guwahati
Tuesday, September 27, 2022
More

    দৈনিক ৰাশিফল- কেনে যাব আজিৰ দিনটো, এই সকল ৰাশিৰ লোকৰ স্বাস্থ্যৰ সমস্যা থাকিব

    দৈনিক ৰাশিফল- কেনে যাব আজিৰ দিনটো, এই সকল ৰাশিৰ লোকৰ স্বাস্থ্যৰ সমস্যা থাকিব

    মেষ ৰাশি– ভাল-বেয়াৰ মাজেৰে পাৰ হব দিনটো। কিছু লোকৰ পেটৰ সমস্যা হোৱাৰ সম্ভাৱনা। সফলতা পাবলৈ এলাহ ত্যাগ কৰি কিছু কষ্ট কৰিব লাগিব। প্ৰেমত অনুকুল।
    শুভ সংখ্যা-৯, শুভ ৰং- বগা ।

    বৃষ ৰাশি– এই ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো খুবেই ভাল। সকলো কামতে সফলতা প্ৰাপ্তিৰ প্ৰৱল সম্ভাৱনা। ধনৰ আগমন। প্ৰেমত সফল।
    শুভ সংখ্যা-১, শুভ ৰং- মুগা।

    মিথুনৰাশি– প্ৰত্যাহ্বান পূৰ্ণ হব আজিৰ দিনটো। আৰ্থিক সমস্যাই দেখা দিব পাৰে। বিবাহৰ দিশত সকৰাত্মক দিশ। কথা বতৰাত সংযত হোৱাটো খুৱেই প্ৰয়োজন।
    শুভ সংখ্যা-৫, শুভ ৰং- ৰঙা।

    কৰ্কট ৰাশি – এই ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোৰ আৰম্ভণি কিছু কষ্টকৰ হব। পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যা। যৌথ ব্যৱসায় কৰা সকল কিছু সাৱধান হোৱা প্ৰয়োজন।
    শুভ সংখ্যা- ৭, শুভ ৰং-হালধীয়া।

    সিংহ ৰাশি – পূৰ্বতে কৰা কামৰ ফল আজি লাভ কৰাৰ সম্ভাৱনা। আধৰুৱা কামে পূৰ্ণতা পাব। নতুন চাকৰি তথা কৰ্ম ক্ষেত্ৰত সফলতা। ধনৰ আগমন।
    শুভ সংখ্যা-১, শুভ ৰং- গোলপীয়া।

    কন্যা ৰাশি– আৰ্থিক সমস্যা সমাধান হোৱাৰ সম্ভাৱনা। ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিয়লিবেলাৰ পিছৰ পৰা শুভ হব। বৈবাহিক জীৱন তথা প্ৰেমত সুখৰ দিশ।
    শুভ সংখ্যা-৯, শুভ ৰং- নীলা।

    তুলা ৰাশি – ভাতৃ ভগ্নীৰ বাবে স্বাস্থ্যৰ দিশত কিছু কষ্ট পাব। কিন্তু ধন লাভৰ সম্ভাৱনা। ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাৰ দিশত উন্নত ফল। প্ৰেমে মান্যতা লাভৰ প্ৰচুৰ সম্ভাৱনা।
    শুভ সংখ্যা- ৭, শুভ ৰং আকাশী নীলা।

    বৃশ্চিক ৰাশি – কেৰিয়াৰ, আৰ্থিক লগতে পাৰিবাৰিক জীৱনত আশানুৰূপ ফল লাভৰ যোগ। বিবাহিত সকলৰ বাবে দিনটো সুখৰ। কিন্তু প্ৰেমৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিয়াৰ সম্ভৱনা।
    শুভ সংখ্যা-২, শুভ ৰং- বেঙুনীয়া।

    ধনু ৰাশি– চাকৰি লাভৰ প্ৰৱল সম্ভাৱনা। ভাগ্যই সংগ দিব। ধনৰ আগমন। সঞ্চয়ৰ ক্ষেত্ৰতো শক্তিশালী হব। যাৰ পৰিণতিত ভৱিষ্যতেও ভাল ফল লাভ কৰিব।
    শুভ সংখ্যা-৩, শুভ ৰং- সেউজীয়া।

    মকৰ ৰাশি – আৰ্থিক দিশ আৰু শিক্ষাৰ ক্ষেত্ৰত ভাল ফলৰ সম্ভৱনা। সন্ধিয়ালৈ স্বাস্থ্য কিছু কষ্টদায়ক, সাৱধান হোৱা প্ৰয়োজন। পাৰিবাৰিক দিশ আৰু প্ৰেমত সফলতা।
    শুভ সংখ্যা- ৫, শুভ ৰং- মটীয়া।

    কুম্ভৰাশি – চাকৰিত পদোন্নতি, ব্যৱসায়ত লাভ। কিন্তু স্বাস্থ্যৰ সমস্যা থাকিব। পাৰিবাৰিত দিশত শ্ৰী বৃদ্ধি। অবিবাহিতৰ বিবাহৰ সম্পূৰ্ণ যোগ।
    শুভ সংখ্যা-৪, শুভ ৰং- সুমথিৰা।

    মীন ৰাশি– অৰ্থৰ আগমন। দূৰ যাত্ৰাৰ প্ৰৱল সম্ভাৱনা। পুৱাৰ ভাগত স্বাস্থ্যৰ সমস্যাই দেখা দিব পাৰে সন্ধিয়ালৈ উন্নতি। বৈবাহিক জীৱনত সুখ। ছাত্ৰ-ছাত্ৰীৰ বাবেও ভাল।
    শুভ সংখ্যা- ৮, শুভ ৰং- মেৰুন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং