কেনে হ’ব আজি শুকুৰবাৰৰ দিনটো, এই সকল ৰাশিৰ লোকে সাৱধান হোৱা অতি জৰুৰী

0
3715

দৈনিক ৰাশিফল- কেনে হ’ব আজি শুকুৰবাৰৰ দিনটো, এই সকল ৰাশিৰ লোকে সাৱধান হোৱা অতি জৰুৰী

মেষ- আজিৰ দিনটোত, এই ৰাশিচক্রৰ লোকসকলে কোনো আঘাত পাব পাৰে, সেয়েহে অলপ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন । যিকোনো ক্ষেত্ৰত, অতিৰিক্ত সাৱধানতা বজাই ৰাখি আগবাঢ়িব। শুভ সংখ্যা- ২ শুভ ৰং- ৰঙা।

বৃষ ৰাশি- এই ৰাশিৰ লোকসকলে আজি কিছু উদ্বিগ্নতাত ভুগিব পাৰে। কিবা এটাৰ বিষয়ে চিন্তিত হ’ব। জীৱনত অলপ সমস্যা হ’ব, আপুনি সকলো ফালৰ পৰা ন্যায়ৰ সৈতে মোকাবিলা কৰিব লাগিব। শুভ সংখ্যা- ৩,শুভ ৰং- বগা।

মিথুন ৰাশি- মিথুন ৰাশিৰ লোকসকলৰ আজি সাহস বৃদ্ধি পাব। আপুনি যিকোনো কামত জঁপিয়াই পৰিবলৈও কুণ্ঠাবোধ নকৰিব। শত্ৰুৱে আজি আপোনাৰ বিষয়ে সঠিক পাঠ পাব আৰু আপোনাৰ পৰা দূৰত্ব বজাই চলিব। শুভ সংখ্যা- ১, শুভ ৰং- নীলা।

কৰ্কট ৰাশি- এই ৰাশিৰ লোকসকলেও আজিৰ এই দিনটোত সাৱধান হ’ব লাগিব। এই ৰাশিৰ লোকসকলে চিন্তাশীলভাৱে পদক্ষেপ ল’ব লাগিব। বিপদৰ ঘণ্টা বাজি আছে। সন্দেহজনক লোকৰ পৰা সুৰক্ষিত দূৰত্ব বজাই ৰখা ভাল। শুভ সংখ্যা- ৭, শুভ ৰং- মুগা।

সিংহ ৰাশি- এই ৰাশিৰ লোকসকলৰ কামৰ বোজা বৃদ্ধি পাব। বোজা বৃদ্ধি পালেও কিন্তু কামত সফলতা থাকিব। সিংহ ৰাশিৰ লোকসকলে আজি তেওঁলোকৰ কামৰ ভাল ফল পাব। শুভ সংখ্যা- ৬ শুভ ৰং- হালধীয়া।

কন্যা ৰাশি- আজি কন্যা ৰাশিৰ লোকসকলৰ ইচ্ছা পূৰণ হ’ব। লক্ষ্য পূৰণ কৰাত আপুনি সফল হ’ব। এই ৰাশিৰ লোকসকলৰ বাবে কোনো ভাল খবৰ আহিব পাৰে আজিৰ দিনটোত। শুভ সংখ্যা- ৯, শুভ ৰং- আকাশী নীলা।

তুলা ৰাশি- এই ৰাশিৰ লোকসকলে অলপ সাৱধান হ’ব লাগিব। বিপদজনক সামগ্ৰীবোৰ পৰিহাৰ কৰা উচিত। এই ৰাশিৰ লোকসকল আজি এনে মহিলাৰ সংগত থাকিব লাগিব পাৰে যিয়ে আৰোনাৰ অত্যাধিক ক্ষতি কৰিব পাৰে। শুভ সংখ্যা- ৮, শুভ ৰং- গোলপীয়া।

বৃশ্চিক ৰাশি- এই ৰাশিৰ লোকসকলৰ আৰ্থিক অৱস্থা ভাল হ’ব। মূল্যবৃদ্ধিৰ এই সময়ত কোনো ভাল খবৰে আপোনাৰ মন ভাল কৰি তুলিব। সঞ্চয় বৃদ্ধি হোৱাৰ এক ডাঙৰ সম্ভাৱনা আছে। শুভ সংখ্যা- ১, শুভ ৰং- মুগা।

ধনু ৰাশি- এই ৰাশিৰ লোকসকলৰ সম্পৰ্ক উন্নত হ’ব। প্ৰেমৰ লগতে পাৰিবাৰিক সম্পৰ্কও উন্নত হোৱা দেখা যায়। কোনো এক ইতিবাচক ডাঙৰ খবৰ আহিব পাৰে পৰিয়াললৈ। শুভ সংখ্যা- ৮, শুভ ৰং- সেউজীয়া।

মকৰ ৰাশি- আজিৰ এই দিনটোত মকৰ ৰাশিৰ লোকসকলে সাৱধান হোৱা উচিত। মকৰ ৰাশিৰ লোকসকলৰ বাবে কোনো ডাঙৰ খবৰ অহাৰ সম্ভাৱনা। শুভ সংখ্যা- ৫, শুভ ৰং- বেঙুনীয়া।

কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ লোকসকলে বিবাদৰ সন্মুখীন হ’ব পাৰে। সহোদৰৰ সৈতে সমস্যা হ’ব পাৰে। সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। শুভ সংখ্যা- ৯, শুভ ৰং- আকাশী নীলা।

মীন ৰাশি- আজিৰ দিনটোত মীন ৰাশিৰ লোকে কোনো ডাঙৰ বিপদৰ পৰা ৰক্ষা পাব। বহু আপোন মানুহে সহায় কৰিবলৈ আগবাঢ়ি আহিব। পৰিয়ালৰ মাজত প্ৰেমভাৱ বৃদ্ধি পাব। শুভ সংখ্যা- ৪, শুভ ৰং- মেৰুণ।