দৈনিক ৰাশিফল- কিদৰে যাব আজিৰ দিনটো! সাৱধান এই ৰাশিৰ লোক, শত্ৰু হৈ পৰিব মিত্ৰ-মিত্ৰ হ’ব শত্ৰু

0
4703

দৈনিক ৰাশিফল- কিদৰে যাব আজিৰ দিনটো! সাৱধান এই ৰাশিৰ লোক, শত্ৰু হৈ পৰিব মিত্ৰ-মিত্ৰ হ’ব শত্ৰু

মেষ ৰাশি – আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। । প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। আজি কামত আপোনাৰ দক্ষতাৰ পৰীক্ষা হব। শুভ সংখ্যা ১, আৰু শুভ ৰং মুগা।

বৃষ ৰাশি – আপোনাৰ স্বাস্থ্য ভালে থাকিব। কলাত্মক কামৰ লগত জড়িত মানুহৰ বাবে আজি এক ধুনীয়া দিন, কাৰণ আজি এই দক্ষতাই ধন আৰু খ্যাতি প্ৰদান কৰিব। শুভ সংখ্যা ৮, আৰু শুভ ৰং হালধীয়া।

মিথুন ৰাশি – নিজৰ ধৈৰ্য নেহেৰুৱাব ,বিশেষকৈ বেয়া পৰিস্থিতিত। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হব পাৰে। শুভ সংখ্যা ৩, আৰু শুভ ৰং বগা।

কৰ্কট ৰাশি – কোনো ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। যদি ফুৰিবলৈ যোৱাৰ পৰিকল্পনা আছে তেনেতে এই যোজনা শেষ সময়ত বাতিল হৈ যাব পাৰে। শুভ সংখ্যা ৭, আৰু শুভ ৰং ৰঙা।

সিংহ ৰাশি – বেংকৰ লগত জড়িত লেন দেন সমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। অফিচত আজি আপুনি বহুত প্ৰশংসা পাব। শুভ সংখ্যা ৫, আৰু শুভ ৰং সেউজীয়া।

কন্যা ৰাশি – লঘু ব্যৱসায় কৰা এই ৰাশিৰ ব্যক্তিসকলৰ আজি লোকচানৰ সন্মুখিন হব পাৰে। আপুনি জীৱন লগৰীৰ পৰা আজি কিবা ধুনীয়া বিশেষ উপহাৰ লাভ কৰিব পাৰে। শুভ সংখ্যা ৮, আৰু শুভ ৰং আকাশী নীলা।

তুলা ৰাশি – ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। আপোনাৰ জীৱন লগৰীৰ মন-মেজাজ আজি খুবেই ভাল হব ,আপুনি কিবা চাৰপ্ৰাইজ লাভ কৰিব পাৰে। শুভ সংখ্যা ১, আৰু শুভ ৰং ৰঙা।

বৃশ্চিক ৰাশি – কথা বাৰ্তাত থকা আপোনাৰ কৌশলে আজি আপোনাক সহায় কৰিব। দীৰ্ঘৱতী লাভৰ বাবে ষ্ট’ক আৰু মিছুয়েল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। শুভ সংখ্যা ২, আৰু শুভ ৰং মেৰুণ।

ধনু ৰাশি – আপোনাৰ জীৱন সংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব পাৰে , যি আপোনাৰ খৰচ আৰু ধাৰ আদি সকলো জোৰা মাৰিব। শুভ সংখ্যা ৬, আৰু শুভ ৰং গোলপীয়া।

মকৰ ৰাশি – আজিৰ দিনটোত কামৰ বোজা কম থাকিব আৰু আপুনি আপোনাৰ মূল্যৱান সময় পৰিয়ালৰ লগত কটাব পাৰিব। আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী। শুভ সংখ্যা ১, আৰু শুভ ৰং বেঙুনীয়া।

কুম্ভ ৰাশি – আজি জীৱনটো বহুত ধুনীয়া হৈ পৰিব, কাৰণ আপোনাৰ জীৱন লগৰীয়ে আপোনাৰ বাবে কিছুমান বিশেষ কামৰ পৰিকল্পনা কৰিছে। আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হব। শুভ সংখ্যা ৯, আৰু শুভ ৰং ৰঙা।

মীন ৰাশি – প্ৰেমৰ দৃষ্টিকোণেৰে চাব গলে আজি এক ভাল দিন। আপোনাৰ জীৱন লগৰীয়ে আপোনাৰ দূৰ্বলতাখিনিক দূৰ্বল কৰিব নিদিব যাৰ বাবে আপুনি বহুত সুখী অনুভৱ কৰিব। শুভ সংখ্যা ৭, আৰু শুভ ৰং আকাশী নীলা।