কিদৰে যাব আজিৰ মহাষ্টমীৰ দিনটো, মা দুৰ্গাৰ কৃপা দৃষ্টি থাকিব নে, পঢ়ক ৰাশিফল…

0
8666

কিদৰে যাব আজিৰ মহাষ্টমীৰ দিনটো, মা দুৰ্গাৰ কৃপা দৃষ্টি থাকিব নে, পঢ়ক ৰাশিফল…

মেষ ৰাশি: আজিৰ দিনটো মধ্যমীয়া । স্বাস্থ্যও ভালে থাকিব ৷ ব্যয় বৃদ্ধি ৷ ধন সঞ্চয় কৰক অন্যথা ভৱিষ্যতে বিপদত পৰিব পাৰে ৷ দম্পত্তিয়ে বিবাদ এৰাই চলক ৷

বৃষ ৰাশি: দিনটো শুভ ৷ স্বাস্থ্যও ভালে থাকিব ৷ আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল’ব ৷ যি আপোনাৰ বাবে অত্যন্ত ফলদায়ক হ’ব । ঘৰত আৰু কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব ।

মিথুন ৰাশি: আজি শাৰীৰিক আৰু মানসিকভাৱে আপোনাৰ অৱস্থা বৰ ভাল নহয় । চকুৰ সমস্যাই কষ্ট দিব পাৰে ৷ ভুল বুজাবুজিৰ সম্ভাৱনা । অপ্ৰত্যাশিত ঘটনাৰ বাবে সাজু থাকক ।

কৰ্কট ৰাশি: দিনটো মধ্যমীয়া ৷ ব্যৱসায়-বাণিজ্যত আপুনি সফলতা লাভ কৰিব ৷ পৰিয়ালৰ লোক বা বন্ধুৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে । ধন লেন-দেনৰ বাবে আজিৰ দিনটো শুভ ৷

সিংহ ৰাশি: দিনটো শুভ ৷ আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ থাকিব ৷ সকলো ক্ষেত্ৰতে সফলতা অৰ্জন ৷ আইনী কাৰ্যৰ বাবে দিনটো শুভ ৷ সন্মান বৃদ্ধি যোগ দেখা যায় আজিৰ দিনটোত।

কন্যা ৰাশি: দিনটো শুভ ৷ সৌভাগ্যৰ আগমন ৷ ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে উত্তম দিন ৷ বন্ধুৰ পৰা উপকৃত হ’ব ৷ সু-সংবাদ পাব পাৰে ৷ আৰ্থিক দিশত শুভ ৷ স্বাস্থ্যৰ প্ৰতি সামান্য নজৰ দিব, যি কোনো খাদ্য নাখাব।

তুলা ৰাশি: কৰ্মক্ষেত্ৰ আৰু আন বিভিন্ন ক্ষেত্ৰৰপৰা প্ৰশংসা লাভ কৰিব ৷ প্ৰিয়জনৰ সৈতে সাক্ষাতৰ ফলত আনন্দ লাভ কৰিব ৷ কথাবতৰা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰক৷

বৃশ্চিক ৰাশি: ব্যস্ততা বৃদ্ধি ৷ কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে ৷ জ্ঞানলাভ হ’ব আৰু ভাৱধাৰাৰ আদান প্ৰদানো হ’ব পাৰে ৷ দাম্পত্য জীৱনত সুখ লাভ কৰিব ৷

ধনু ৰাশি: দিনটো মধ্যমীয়া। কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ মধ্যাহ্নভোজনৰ পিছত মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ পাব পাৰে ৷ আৰ্থিক লাভৰ যোগ আছে ৷

মকৰ ৰাশি: অত্যধিক অনুভূতিশীল আৰু আৱেগিক হৈ নপৰিব ৷ সম্পত্তি আৰু মাটিবাৰী সম্বন্ধীয় বিষয় এৰাই চলক ৷ সন্তানক লৈ দুশ্চিন্তাত ভুগিব ৷ সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ৷

কুম্ভ ৰাশি: নতুন কাম হাতত ল’ব পাৰে ৷ গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব ৷ সম্পত্তি সম্বন্ধীয় বিষয় এৰাই চলক ৷ আধ্যাত্মিকতাই উদ্বেগ হ্ৰাস কৰিব ৷

মীন ৰাশি: অত্যাধিক আৰ্থিক ব্যয়ে বিৰক্ত কৰিব পাৰে ৷ কথা কওঁতে সচেতন হওক ৷ অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দীতাৰ সন্মূখীন হ’ব ৷