দৈনিক ৰাশিফল, কেনে যাব আজি ২৪ মে’ মঙলবাৰৰ দিনটো
মেষ ৰাশি : যদি আপুনি কিবা নতুন কাম আৰম্ভ কৰিবলৈ চিন্তা চৰ্চা কৰিছে, তেন্তে আজি এক ভাল দিন। কিন্তু খঙৰ ওপৰত সংযম ৰাখক, ঘৰত এক অশান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো মধ্যমীয়া। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।
বৃষৰাশি : কামৰ মৌলিক দিশবোৰৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। এনেদৰেই জীৱন উন্নত হ’ব। প্ৰেমৰ ক্ষেত্ৰত আজি নিৰ্দিষ্ট সিদ্ধান্ত লোৱাৰ উচিত সময়। কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব। শুভ ৰং নীলা, শুভ সংখ্যা ৮।
মিথুন ৰাশি : যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্বৰ বিষয়ে চিন্তা কৰি আছে, তেন্তে ই অতি উত্তম সময়। অপ্ৰয়োজনীয়ভাৱে অত্যাধিক চাপ নোলোৱাই ভাল। প্ৰেমত মধ্যমীয়া। শুভ ৰং বগা, শুভ সংখ্যা ১।
কর্কট ৰাশি : ৰাজনৈতিক আৰু সমাজকর্মী সকলৰ বাবে দিনটো শুভ। কর্মত মধ্যম। প্রেমত শুভ। দূৰ যাত্ৰাৰ প্ৰৱল সম্ভাৱনা। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৯।
সিংহ ৰাশি : অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ দ্বাৰা সংকট মুক্ত হ’ব। ভবাতকৈ অধিক ধনৰ আগমন হ’ব। আর্থিকত ভাল। শিক্ষার্থী সকলৰ কিছু কষ্ট হব। শুভ ৰং বগা, শুভ সংখ্যা ৩।
কন্যা ৰাশি : প্ৰেমৰ সম্পৰ্কৰ দূৰত্ব বৃদ্ধি হ’ব পাৰে। আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী আন কাকো নিদিয়াই ভাল। টকাৰ লেনদেনৰ ক্ষেত্ৰতো সাৱধান হব। শুভ ৰং বগা, শুভ সংখ্যা ৫।
তুলা ৰাশি: নেতৃত্বৰ গুণাগুণ বৃদ্ধি পাইছে আৰু ইয়াৰ বাবে অতি সোনকালে অভিনন্দন জনোৱা হ’ব। ঘৰৰ পৰা অহা ভাল খবৰে মনক উৎসাহিত কৰিব। বিবাহৰ যোগ দেখা যায়। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।
বৃশ্চিকৰাশি : বিত্তীয় লাভ অব্যাহত থাকিব। নতুন সম্পত্তি সোনকালেই ক্ৰয় কৰা হ’ব পাৰে। ক্ৰোধ কিছু সম্বৰণ কৰি ৰাখিব। কাৰ্যালয়ত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হব পাৰে, সাৱধানে চলিব। শুভ ৰং নীলা, শুভ সংখ্যা ৯।
ধনুৰাশি : সীমিত সময়ত আপুনি আপোনাৰ মানসিক সামৰ্থ্য আৰু ক্ষিপ্ৰতাৰে যি প্ৰভাৱ পেলাইছে সেয়া প্ৰশংসাৰ যোগ্য। শিক্ষাৰ ক্ষেত্ৰত মধ্যমীয়া। যাত্ৰাৰ যোগ । শুভ ৰং বগা, শুভ সংখ্যা ১।
মকৰ ৰাশি : নিকট কোনোবাই বিশ্বাস ভাগ বতৰা কৰি আছে। তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা ভাল। আয় উপাৰ্জনৰ দিশ শক্তিশালী। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪।
কুম্ভৰাশি :শৰীৰৰ প্রতি যত্ন লোৱা দৰকাৰ। যোগ্য স্থান প্রাপ্তিৰ যোগ। শিক্ষার্থী সকলৰ বাবে ভাল। শুভ ৰং নীলা, শুভ সংখ্যা ৯।
মীনৰাশি : হেৰুওৱা সম্পত্তি পুনৰ লাভ কৰিব পাৰে। বিদ্যাত শুভ। শৰীৰ সম্পর্কে উদাস নহ’ব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।