দৈনিক ৰাশিফল- কেনে যাব আজি ১৭ মে’ৰ দিনটো…
মেষ ৰাশি – শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন। চাকৰিয়াল সকলে ওপৰৱালাক সন্তোষত ৰাখিব পাৰিব। অৰ্থৰ ক্ষেত্ৰত সাৱধান হওঁক। হঠাতে খৰছৰ যোগ আছে। শুভ ৰং সেউজীয়া ।
বৃষৰাশি – স্বাস্থ্যৰ পক্ষে যত্ন লোৱা প্ৰয়োজন। ঋণ নোলোৱাকৈ থকাটোৱেই শ্ৰেয়। পাৰিবাৰিক দিশত মধ্যমীয়া। উপদেশ দিয়া সকলৰ পৰা কিছু নিলগত থাকক। শুভ ৰং ৰঙা।
মিথুনৰাশি – মন শান্ত ৰাখক, কথা বতৰাত সংযত হওঁক। কাৰোবাৰ সৈতে কথাৰ কটা কটি হৈ ভৱিষ্যতলৈ সম্পৰ্ক ছেদ হোৱাৰ সম্ভাৱনা । ভ্ৰমৰ যোগ। শুভ ৰং বগা।
কৰ্কটৰাশি- খং নিয়ন্ত্ৰণত ৰাখিব। জীৱনসংগী অন্যথা প্ৰেমাস্পদৰ পৰা শুভ বাৰ্তা লাভৰ যোগ। দূৰ যাত্ৰাৰ প্ৰৱল সম্ভাৱনা। শুভ ৰং নীলা।
সিংহ ৰাশি – খঙৰ ওপৰত নিয়ন্ত্ৰণ কৰা খুৱেই প্ৰয়োজন। ক্ষতি হোৱাৰ সম্ভাৱনা। লক্ষ্য পূৰ কৰিবৰ বাবে সফল হোৱাৰ যোগ। জ্যেষ্ঠজনৰ সহায় লাভ কৰিব। শুভ ৰং বেঙুনীয়া ।
কন্যা ৰাশি- মন প্ৰসন্ন থাকিব। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা। কৰ্মৰ উদ্দেশ্যে পৰিয়ালৰ পৰা আঁতৰত থাকিবলৈ যাব লাগিব পাৰে। অযথা যুক্তিৰ পৰা নিলগত থাকক। শুভ ৰং গোলপীয়া।
তুলাৰাশি – শিক্ষাৰ ক্ষেত্ৰত ভাল ফল। কৰ্মত উন্নত। অৰ্থৰ আগমন । পৰিয়ালৰ কাৰোবাৰ স্বাস্থ্যৰ সমস্যা থাকিব। বাহনৰ বাবে খৰছ বৃদ্ধি পাব। শুভ ৰং হালধীয়া ।
বৃশ্চিক ৰাশি – আত্মবিশ্বাসেৰে ভৰা হব আজিৰ দিনটো । পাৰিবাৰিক দিশত সুখ। খোৱা বোৱাত নজৰ ৰাখিব। ধন প্ৰাপ্তিৰ যোগ। ভাল খবৰ লাভ কৰিব পাৰে । শুভ ৰং বেঙুনীয়া ।
ধনু ৰাশি – স্বাস্থ্যৰ ক্ষেত্ৰত হেলা কৰিলে বিপদৰ সন্মুখীন হ’ব পাৰে। শিক্ষাৰ্থী সকলৰ শুভ, ব্যৱসায়ত মধ্যমীয়া। টকা ধাৰলৈ দিয়া-লোৱাৰ পৰা বিৰত থাকক। শুভ ৰং বেঙুনীয়া।
মকৰ ৰাশি – খং সংযমত ৰাখক, অযথা যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব। অৰ্থৰ আগমন। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব। মন অশান্ত হৈ থাকিব। শুভ ৰং হালধীয়া।
কুম্ভৰাশি – ধৈৰ্য্যশীলতা কম হোৱা সম্ভাৱনা। কথা বতৰাত সাৱধান হওঁক। মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব। যাত্ৰাৰ সম্ভাৱনা, খৰছ বৃদ্ধিৰ যোগ। শুভ ৰং নীলা।
মীন ৰাশি – কথা বতৰাত মধুৰতাৰ বাবে কৰ্মত পদোন্নতিৰ যোগ। আয় বৃদ্ধি সমান্তৰালকৈ খৰছো বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত বাধা। শুভ ৰং সেউজীয়া।
আৰু পঢ়ক :- গুৱাহাটী বিমানবন্দৰত বিশেষ সুবিধা, বিমানকোঠৰ আগমন কক্ষৰ পৰাই আদৰিব পাৰিব যাত্ৰীক