দৈনিক ৰাশিফল, কেনে যাব আজি পহিলা জেঠ মাহৰ দিনটো, জানক ৰাশি অনুসৰি কি কি শুভ কি কি অশুভ
মেষ ৰাশি – ব্যৱসায়ত কোনো পৰিয়ালৰ লোকৰ পৰা সহায় কৰিব । দীৰ্ঘ সময়ৰ পৰা লাগি থকা কামত সফলতা প্ৰাপ্ত কৰিব। পাৰিবাৰিক দিশত বৰ এটা ভাল নহয়। ঘৰলৈ আলহী অহাৰ সম্ভাৱনা। শুভ সংখ্যা ২, শুভ ৰং হালধীয়া।
বৃষৰাশি – দিনটো শুভ। কিন্তু কৰ্মত কিছু অশান্তিৰ সৃষ্টি হব। কিন্তু কষ্টৰ ফলত সফলতা লাভ কৰিব। অৰ্থৰ আগমন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা। অবিবাহিতৰ বিবাহৰ যোগ আছে আজিৰ দিনটোত। শুভ সংখ্যা ৮ , শুভ ৰং নীলা।
মিথুনৰাশি – কোনো সামগ্ৰী বা বাহন আদি ক্ৰয় কৰাৰ বাবে দিনটো খুবেই শুভ। চাকৰি বা ব্যৱসায়ত শুভ। প্ৰেম সম্বন্ধীয় কথাত কোনো সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো উচিত। কিন্তু স্বাস্থ্যৰ প্ৰতি অলপ নজৰ দিব। শুভ সংখ্যা ৫ , শুভ ৰং সেউজীয়া।
কৰ্কটৰাশি- কোনো ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা। কৰ্ম ক্ষেত্ৰত পদোন্নতি। ভাতৃৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা। পৰিয়ালৰ কাৰোবাৰ কৰ্মক্ষেত্ৰত বদলি হব পাৰে। ৰাজনীতিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। শুভ সংখ্যা ৭ , শুভ ৰং হালধীয়া।
সিংহ ৰাশি – দিনটো বৰ এটা ভাল নহয়। কষ্টেৰে পাৰ হব দিনটো। বন্ধুবৰ্গৰ সৈতে ভাল। আৰ্থিক দিশ দূৰ্বল। পৰিয়ালৰ সৈতে দিনটো ভালদৰে পাৰ হব। যাত্ৰাৰ সংযোগ আছে আজিৰ দিনটোত। শুভ সংখ্যা ৯ , শুভ ৰং গোলপীয়া।
কন্যা ৰাশি- কোনো ডাঙৰ কাম হাতলৈ আহিব। দায়িত্ব বৃদ্ধ পাব, যাৰ বাবে সুখী হব আপুনি। আয় আৰু ব্যয়ৰ ক্ষেত্ৰত মিশ্ৰিত ফল। কিন্তু পৰিয়ালৰ কোনো লোকৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা। শুভ সংখ্যা ৫ , শুভ ৰং নীলা।
তুলাৰাশি – দিনটোৰ আৰম্ভণিৰ সময়ত খৰচ বৃদ্ধি পাব। কিন্তু বিয়লিৰ পৰা দিনটো সামান্য হৈ পৰিব। অৰ্থৰো আগমণ হব। কোনো সম্বন্ধত বান্ধ খাব। স্বাস্থ্য মধ্যমীয়া। শুভ সংখ্যা ৭ , শুভ ৰং নীলা।
বৃশ্চিক ৰাশি – কৰ্ম ক্ষেত্ৰত কিছু মানসিক অশান্তিয়ে দেখা দিব পাৰে। পৰিয়ালত কোনো কথাক লৈ সুখী হৈ থাকিব। আয় হব কিন্তু আয় অনুপাতে ব্যয় অধিক। শুভ সংখ্যা ১, শুভ ৰং হালধীয়া ।
ধনু ৰাশি – আজিৰ দিনটো ভাগ্যশালী হিচাপে পৰিগণিত হব । আৰ্থিক দিশতো ভাল ফল পাব। প্ৰেমত আজিৰ দিনতো শুভ, কিন্তু স্বাস্থ্যৰ প্ৰতি নজৰ দিব। শুভ সংখ্যা ৫ , শুভ ৰং হালধীয়া।
মকৰ ৰাশি- আত্মবিশ্বাসৰ বলত কৰ্মত সফলতা লাভ কৰিব। আজি কৰা কোনো কামৰ ফলত ভৱিষ্যতে ভাল পৰিনাম পাব। ক্ৰোধ সম্বৰণৰ চেষ্টা কৰিব। অৰ্থৰ আগমনৰ নতুন বাট মুকলি হব। শুভ সংখ্যা ৯ , শুভ ৰং ৰঙা।
কুম্ভৰাশি – দিনটো মধ্যমীয়া । কৰ্মক্ষেত্ৰত অকলশৰীয়া হব, কিন্তু আপোনাৰ দক্ষতাই সফল হোৱাত সহায় কৰিব। আৰ্থিক দিশত ভাল। পাৰিবাৰিক তথা প্ৰেমত মনোমালিন্য হোৱাৰ সম্ভাৱনা। শুভ সংখ্যা ৬ , শুভ ৰং নীলা ।
মীন ৰাশি – আৰ্থিক দিশটো মধ্যমীয়া ।ব্যৱসায়ত উন্নতিৰ মুখ। ঘৰৰ পৰা কাম কৰি লাভৱান হব। খোৱা বোৱাত নজৰ দিব, স্বাস্থ্যৰ অলপ দূৰ্বল দিশ। শুভ সংখ্যা ৪ , শুভ ৰং বগা ।
আৰু পঢ়ক :- ৰাখী সাৱন্তৰ নতুন প্ৰেমিক, ফটো-ভিডিঅ’ শ্বেয়াৰ কৰি ৰাখীয়ে ক’লে প্ৰকৃত বন্ধু