দৈনিক ৰাশিফল, আজিৰ দিনটোৱে বিশেষ বাৰ্তা লৈ আহিছে এই সকল ৰাশিৰ লোকৰ বাবে…

0
3396
ৰাশিফল, Horoscope

দৈনিক ৰাশিফল, আজিৰ দিনটোৱে বিশেষ বাৰ্তা লৈ আহিছে এই সকল ৰাশিৰ লোকৰ বাবে…

মেষ ৰাশি – শাৰীৰিক অসুস্থতা আৰু মনৰ অশান্তি আতৰিব। প্ৰেম-প্ৰীতি, পাৰিবাৰিক জীৱনত মধ্যমীয়া। শিক্ষাৰ্থী- শিল্পীৰ বাবে শুভ। শুভ সংখ্যা ৮, শুভ ৰং বেঙুনীয়া।

বৃষৰাশি – দুপৰীয়ালৈ শুভ যদিও বিয়লি স্বাস্থ্যৰ কিছু সমস্যা। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰৰ সৈতে জড়িত লোকৰ বাবে ভাল দিন। শুভ সংখ্যা ১, শুভ ৰং বগা।

মিথুনৰাশি – মনত বহু প্ৰশ্ন বা অভিমানৰ উদ্ৰেক ঘটিব। কাজিয়াৰ সম্ভাৱনা। শৰীৰৰ প্ৰতি নজৰ ৰাখিব। প্ৰেমত কিছু অস্থিৰতা। শুভ সংখ্যা ৫, শুভ ৰং ৰঙা।

কৰ্কটৰাশি– কামৰ হেঁচা বাঢ়িব। আপোনাৰ সহজ সৰল স্বভাৱৰ আনে সুযোগ লব পাৰে। বেপাৰ বাণিজ্যত উন্নতি। শুভ সংখ্যা ৭, শুভ ৰং ৰঙা।

সিংহ ৰাশি – মনৰ অশান্তি আৰু দুশ্চিন্তাৰ কাৰক। শৰীৰ সুস্থ। আৰ্থিক, বানিজ্য আৰু কৰ্ম ক্ষেত্ৰত মধ্যমীয়া। শুভ সংখ্যা ২, শুভ ৰং সুমথিৰা।

কন্যা ৰাশি– প্ৰেমত শুভ। আত্মবিশ্বাস বাঢ়িব। ভ্ৰমণৰ সুযোগ। বন্ধু বাঢ়িব। অৰ্থৰ দিশত কিছু খৰচ বৃদ্ধি পাব। শুভ সংখ্যা ৯, শুভ ৰং হালধীয়া।

তুলাৰাশি – ঘৰুৱা অশান্তি। খঙৰ ওপৰত সংযম ৰাখক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অশান্তি। সংবাদকৰ্মীৰ কষ্ট হলেও লাভৰ কাৰক। শুভ সংখ্যা ৩, শুভ ৰং বগা।

বৃশ্চিক ৰাশি – কৰ্মত উন্নত। শুভ বাৰ্তাৰ সংযোগ। যোগ্যতা অনুসৰি উচিত ফল লাভ। সন্তানৰ চিন্তা বৃদ্ধি। শিক্ষাৰ্থীৰ বাবে শুভ দিন। শুভ সংখ্যা ৬, শুভ ৰং সেউজীয়া।

ধনু ৰাশি – শিল্পী, ৰান্ধনীৰ বাবে এটা ভাল দিন। শুভ বাৰ্তাৰ সংযোগ। আৰ্থিক, বানিজ্য আৰু কৰ্মৰ উন্নতি। অৰ্থৰ আগমন। শুভ সংখ্যা ১, শুভ ৰং গোলপীয়া।

মকৰ ৰাশি – শুভ সংবাদ লাভৰ সংকেত। প্ৰেম প্ৰীতিত আগবাঢ়িব পাৰে। কৰ্মক্ষেত্ৰতো লাভজনক ফলৰ সম্ভৱনা। শুভ সংখ্যা ৭, শুভ ৰং বেঙুনীয়া।

কুম্ভৰাশি – আগবেলাটো কিছু অশান্তি হলেও বিয়লিৰ পৰা ইতিবাচক। সাহিত্য, সংস্কৃতি আৰু ক্ৰীড়াৰ সৈতে জড়িত লোকৰ বাবে ভাল। শুভ সংখ্যা ৫, শুভ ৰং মুগা।

মীন ৰাশি – শাৰীৰিক অসুস্থতা আৰু মানসিক দিশ কিছু অশান্তি কাৰক হব পাৰে। প্ৰেম প্ৰীতি আৰু পাৰিবাৰিক দিশত মধ্যমীয়া। এক মিশ্ৰিত ফলৰ দিন। শুভ সংখ্যা ৯, শুভ ৰং বগা।