27 C
Guwahati
Monday, May 23, 2022
More

    কেনে যাব আজি ২২ জানুৱাৰী দিনটো- মনত ৰাখিব খং নামেই চণ্ডাল, সংযম কৰিব পাৰিলে ভাল ফল

    কেনে যাব আজি ২২ জানুৱাৰী দিনটো- মনত ৰাখিব খং নামেই চণ্ডাল, সংযম কৰিব পাৰিলে ভাল ফল

    শকাব্দ-১৯৪৩, ভাস্কৰাব্দ – ১৪২৮, খ্ৰীষ্টাব্দ – ২০২২, হিজৰী- ১৪৪৩

    মেষ ৰাশি –  আৰ্থিক দিশটো বৰ এটা শুভ নহয় মেঘৰাশিৰ জাতক জাতিকাৰ বাবে।  উপাৰ্জন কম আৰু খৰচ অধিক হব। ইতিবাচক মনোভাৱ ৰাখক কামত সফল হব।

    বৃষৰাশি – খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰিব । কৰ্মক্ষেত্ৰত উন্নতি। আপোনাৰ ভাল কামৰ বাবে অন্য লোকৰো পদোন্নতি। ব্যৱসায়ত সফলতা লাভ কৰিব।

    মিথুনৰাশি – দিনতো মধ্যমীয়া। শিক্ষাৰ ক্ষেত্ৰত আশা কৰা ভাৱে ফল লাভ নকৰিলেও ভালেই ফল লাভ কৰিব। প্ৰেম প্ৰীতিত শুভ। ৰৈ থকা কামে অগ্ৰগতি লাভ কৰিব।

    কৰ্কটৰাশি-  ক্ৰোধ সম্বৰণ কৰিবলৈ চেষ্টা কৰিব। ক্ৰোধে প্ৰেমত নেতিবাচক প্ৰভাৱ পেলাব। ব্যৱসায়ত উন্নতিৰ মুখ। স্বাস্থ্যৰ প্ৰতি নজৰ দিব।

    সিংহ ৰাশি – কৰ্ম ক্ষেত্ৰত মনোমালিন্য ঘটিব। কিন্তু কোনো পদক্ষেপ লোৱাৰ পূৰ্বে ভালদৰে চিন্তা চৰ্চা কৰিব। পূৰ্বে কৰা বিনিয়োগৰ আজি ভাল পল লাভ কৰিব।

    কন্যা ৰাশি-  আপোনাৰ ব্যক্তিত্বই বহুতকে আকৰ্ষণ কৰিব। বেয়া হৈ থকা সম্পৰ্ক বোৰ ভাল হব। কৰি থকা কামত সফলতা লাভৰ লগতে অৰ্থৰ আগমণ।

    তুলাৰাশি – আজিৰ দিনটো অতিকে শুভ । সকলো দিশতে ভাল বুলি কলেও বঢ়াই কোৱা নহয়। কোনো বিশেষ ব্যক্তিক লগ পাব। দূৰ ভ্ৰমণৰ সংযোগ।

    বৃশ্চিক ৰাশি – আৰ্থিক দিশ উন্নতি হোৱাৰ সম্ভাৱনা। কিন্তু স্বাস্থ্যই কিছু চিন্তা বঢ়াব। কষ্টৰ ফল লাভ কৰিব। ব্যৱসায়ত উন্নত।

    ধনু ৰাশি – ভাগ্যই আজি লগ দিব। শুভ কৰ্মত আগবাঢ়িব পাৰে। কষ্ট অধিক হলেও মনোমত ফল লাভ কৰিব। অৰ্থৰ আগমন।

    মকৰ ৰাশি – খঙৰ ওপৰত সংযম ৰাখক। কৰ্ম ক্ষেত্ৰ তথা ব্যৱসায়ত ভাল ফল লাভ কৰিব। অৰ্থৰ আগমন। পাৰিবাৰিক দিশৰ লগতে প্ৰেমতো শুভ।

    কুম্ভৰাশি – পাৰিবাৰিক দিশত কিছু সমস্যাই দেখা দিব পাৰে। সন্তানৰ প্ৰতি দিনটো চিন্তান্বিত হৈ থাকিব। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধান হওঁক।

    মীন ৰাশি – পৰিয়ালত শুভ সংবাদৰ আগমন। ব্যৱসায় ভিত্তিক ভ্ৰমণৰ সম্ভৱনা। শিক্ষাৰ দিশটো কিছু দূৰ্বল। কোনো বাল কামৰ বাবে প্ৰস্তাৱ লাভ কৰিব।

    আৰু পঢ়ক : ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল চাজিদ হুছেইনৰ, ৬ জন আহত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং