19 C
Guwahati
Saturday, January 15, 2022
More

    পহিলা মাঘ- মন্দিৰ-মছজিদ দৰ্শনৰ বাবে পবিত্ৰ দিন, পিছে কেনে যাব দিনটো! কৰ্কট ৰাশিৰ লোকৰ বাবে…

    পহিলা মাঘ- মন্দিৰ-মছজিদ দৰ্শনৰ বাবে পবিত্ৰ দিন, পিছে কেনে যাব দিনটো! কৰ্কট ৰাশিৰ লোকৰ বাবে…

    শকাব্দ-১৯৪৩, ভাস্কৰাব্দ – ১৪২৮, খ্ৰীষ্টাব্দ – ২০২২, হিজৰী- ১৪৪৩

    আজি অসমীয়া তাৰিখ ১ মাঘ

    ইংৰাজী তাৰিখ ১৫ জানুৱাৰী

    মেষ ৰাশি –  আজি মাঘৰ প্ৰথমটো দিন বহুত শুভ মেঘৰাশিৰ জাতক জাতিকাৰ বাবে। ধন আৰু ঐশ্বৰ্যৰ আগমণৰ সংযোগ। পাৰিবাৰিক দিশত সুখ। ৰৈ থকা কামত সিদ্ধি লাভৰ সম্ভাৱনা।

    বৃষৰাশি – এই ৰাশিৰ জাতক জাতিকাৰ বাবেও দিনটো শুভ। ৰাজনীতিৰ ক্ষেত্ৰত কৰা কামে আশাপ্ৰদ ফল দেখুৱাব। পৰিয়ালত কোনো সুখৰ খবৰৰ আগমণ হব। কেৰিয়াৰৰ ক্ষেত্ৰতো ইতিবাচক দিশ ।

    মিথুনৰাশি – দিনতো মধ্যমীয়া। শিক্ষাৰ ক্ষেত্ৰত আশা কৰা ভাৱে ফল লাভ নকৰিলেও ভালেই ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত পদোন্নতি। ৰৈ থকা কামে অগ্ৰগতি লাভ কৰিব।

    কৰ্কটৰাশি-  আজিৰ দিনটো বিশেষ ভাৱে উল্লেখখনীয় হব। কৰ্মক্ষেত্ৰত প্ৰগতি। যাত্ৰাৰ সংযোগ, যাত্ৰাই শুভ বাৰ্তা আনিব। সন্তানৰ ক্ষেত্ৰতো শুভ।

    সিংহ ৰাশি – শিক্ষা তথা প্ৰতিযোগিতাত ভাল ফল লাভ কৰিব। চকুৰ অসুখ হব পাৰে, সাৱধানে থাকক। কথাৰ মধুৰতাই সন্মান লাভত সহায় কৰিব।

    কন্যা ৰাশি-  কৰ্মক্ষেত্ৰত এক নতুন দিশ লাভ কৰিব। কৰি থকা কামত সফলতা লাভৰ লগতে অৰ্থৰ আগমণ। বিৰোধী সকলেও গা কৰি উঠিব। সাৱধানে থকা প্ৰয়োজন।

    তুলাৰাশি – পাৰিবাৰিক ক্ষেত্ৰত তুলাৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো সুখৰ। কিন্তু কোনো মূল্যবান সামগ্ৰী হেৰোৱা বা চুৰ হোৱাৰ আশংকা। সাৱধান হব।

    বৃশ্চিক ৰাশি – আজিৰ দিনটো ভাগ্যশালী হিচাপে পৰিগণিত হব। আৰ্থিক দিশ উন্নতি হোৱাৰ প্ৰচুৰ সম্ভাৱনা। কিন্তু স্বাস্থ্যই কিছপ2 চিন্তা বঢ়াব। নিবিচৰা সত্বেও যাত্ৰা কৰিব লাগিব পাৰে।

    ধনু ৰাশি – শিক্ষাৰ্থী সকলৰ বাবে ভাল দিন। সাংস্কৃতিক তথা সামাজিক ক্ষেত্ৰৰ সৈতে জড়িত সকলে ভাল ফল লাভ কৰিব। ভাগ্যই আজি সকলো কামতে লগ দিব। শুভ কৰ্মত আগবাঢ়িব পাৰে।

    মকৰ ৰাশি – পাৰিবাৰিক লগতে আৰ্থিক দুয়োটা দিশতে আজিৰ দিনতো শুভ। আজি কোনোৱে অতি সহজেই আপোনাক আৰ্থিক সহায় আগবঢ়াব। কিন্তু খঙৰ ওপৰত সংযম ৰাখক, কাজিয়া পেছালৰ পৰা দূৰত থাকক।

    কুম্ভৰাশি – পাৰিবাৰিক দিশত কিছু সমস্যাই দেখা দিব পাৰে। ভাগ্যই বৰ বেছি আজি সংগ নিদিব। সন্তানৰ প্ৰতি দিনটো চিন্তান্বিত হৈ থাকিব। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধান হওঁক।

    মীন ৰাশি – যাত্ৰাৰ সংযোগ আছে। কিন্তু স্বাস্থ্যৰ প্ৰতি নজৰ দিব। সম্বন্ধ বোৰৰ মাজত মধুৰতা আহিব। শত্ৰু পক্ষই হানি কৰিব পাৰে, সাৱধানে থকাটো প্ৰয়োজন।

    আৰু পঢ়ক : ৰেইল দুৰ্ঘটনাত আহত চফিকুলৰ পৰিয়ালক বিচাৰি নাপাই ঘোষণা দিয়া হ’ল মছজিদৰ মাইকত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং