আজিৰ দিনটোৰ ৰাশিফল- কাৰোবাৰ সন্মান প্ৰাপ্তি, কাৰোবাৰ অৰ্থৰ যোগ…
শকাব্দ-১৯৪৩, ভাস্কৰাব্দ – ১৪২৮, খ্ৰীষ্টাব্দ – ২০২২, হিজৰী- ১৪৪৩
আজি অসমীয়া তাৰিখ ২৬ পুহ, শুক্লা নৱমী তিথি।
ইংৰাজী তাৰিখ ৯ জানুৱাৰী।
মেষ ৰাশি – শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন। চাকৰিয়াল সকলে ওপৰৱালাক সন্তোষত ৰাখিব পাৰিব। অৰ্থৰ ক্ষেত্ৰত সাৱধান হওঁক। হঠাতে খৰছৰ যোগ আছে।
বৃষৰাশি – স্বাস্থ্যৰ পক্ষে যত্ন লোৱা প্ৰয়োজন। ঋণ নোলোৱাকৈ থকাটোৱেই শ্ৰেয়। পাৰিবাৰিক দিশত মধ্যমীয়া। উপদেশ দিয়া সকলৰ পৰা কিছু নিলগত থাকক।
মিথুনৰাশি – মনত শান্ত ৰাখক, কথা বতৰাত সংযত হওঁক। ভৱিষ্যতৰ কথা ভাবি সঞ্জয় কৰিলে লাভৱান হব। ভ্ৰমৰ পৰা আতৰ হওঁক।
কৰ্কটৰাশি- খং নিয়ন্ত্ৰণত ৰাখিব। জীৱনসংগী অন্যথা প্ৰেমাস্পদৰ পৰা শুভ বাৰ্তা লাভ। দূৰ যাত্ৰাৰ প্ৰৱল সম্ভাৱনা।
সিংহ ৰাশি – খঙৰ ওপৰত নিয়ন্ত্ৰণ কৰা খুৱেই প্ৰয়োজন। ক্ষতি হোৱাৰ সম্ভাৱনা। লক্ষ্য পূৰ কৰিবৰ বাবে সফল হোৱাৰ যোগ। জ্যেষ্ঠজনৰ সহায় লাভ কৰিব।
কন্যা ৰাশি- মন প্ৰসন্ন থাকিব। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা। পৰিয়ালৰ পৰা আঁতৰত থাকিবলৈ যাব লাগিব পাৰে। অযথা যুক্তিৰ পৰা নিলগত থাকক।
তুলাৰাশি – শিক্ষাৰ ক্ষেত্ৰত ভাল ফল। কৰ্মত উন্নত। অৰ্থৰ আগমন । পৰিয়ালৰ কাৰোবাৰ স্বাস্থ্যৰ সমস্যা থাকিব। বাহনৰ বাবে খৰছ বৃদ্ধি পাব।
বৃশ্চিক ৰাশি – আত্মবিশ্বাসেৰে ভৰা দিন। পাৰিবাৰিক সুখ। খোৱা বোৱাত নজৰ ৰাখিব। ধন প্ৰাপ্তিৰ যোগ। ভাল খবৰ লাভ কৰিব।
ধনু ৰাশি – আত্মবিশ্বাস থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত হেলা কৰিলে বিপদৰ সন্মুখীন হ’ব পাৰে। শিক্ষাৰ্থী সকলৰ শুভ, ব্যৱসায়ত মধ্যমীয়া। টকা ধাৰলৈ দিয়া-লোৱাৰ পৰা বিৰত থাকক।
মকৰ ৰাশি – খং সংযমত ৰাখক, যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব। অৰ্থৰ আগমন। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব। মন অশান্ত হৈ থাকিব।
কুম্ভৰাশি – ধৈৰ্য্যশীলতা কম হোৱা সম্ভাৱনা। কথা বতৰাত সাৱধান হওঁক। মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব। যাত্ৰাৰ সম্ভাৱনা, খৰছ বৃদ্ধিৰ যোগ।
মীন ৰাশি – কথা বতৰাত মধুৰতাৰ বাবে কৰ্মত পদোন্নতিৰ যোগ। আয় বৃদ্ধি। খৰছ বৃদ্ধি। শিক্ষাৰ ক্ষেত্ৰত বাধা।
আৰু পঢ়ক : ৰাজ্যত অতি ভয়াবহ ৰূপৰ দিশে ক’ভিড সংক্ৰমণ, এদিনতে ক’ভিড প’জিটিভ ২১৯৮ জন