আপোনাক কি সংখ্যাই শুভ কৰি তুলিব আজিৰ দিনটো, জানিবলৈ পঢ়ক ৰাশিফল

0
0

মেষ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনৰ ভয়/উদ্বিগ্নতাৰ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ সংখ্যা ৫।

বৃষ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ কৰিব লগতে আৰ্থিক দিশত শুভ। শুভ সংখ্যা ৩।

মিথুন ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব। উত্তম ভোজন লাভ কৰাৰ যোগ দেখা যায়। শুভ সংখ্যা ৫।

কৰ্কট ৰাশি : দুশ্চিন্তা কমিব। অত্যাধিক খৰচৰ যোগ। শুভ ৰং মাখন। শুভ সংখ্যা ৯।

সিংহ ৰাশি : ধন খৰচ হ’ব৷ মনৰ আশা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত সংঘাত। বন্ধুৰ সহায় লাভ। শুভ সংখ্যা ৫।

কন্যা ৰাশি : সৃজনশীল কামত শান্তি লাভ কৰিব। সংসাৰত অশান্তি বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে। শুভ সংখ্যা ৩।

তুলা ৰাশি : দাম্পত্য জীৱনত শান্তি বৰ্তি থাকিব। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। শুভ সংখ্যা ৫।

বৃশ্চিক ৰাশি : সন্মান বাঢ়িব৷ বস্তু হেৰাব পাৰে,সাৱধান হওক। খৰচ হ্ৰাস হোৱাৰ যোগ দেখা যায়। প্ৰেমত দূৰত্ব। শুভ সংখ্যা ৬।

ধনু ৰাশি : সম্পত্তি সম্পৰ্কীয় বিবাদত জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ ল’ব। বিত্তীয় পৰিস্থিতি শক্তিশালী হ’ব। কামত প্ৰশংসা লাভ কৰিব। শিক্ষৰ্থীয়ে পৰীক্ষাত সফলতা লাভ কৰিব। শুভ সংখ্যা ৯, শুভ ৰং বগা।

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ক্ষেত্ৰত উন্নতি৷ কৰ্মত আনৰ সহায়-সহযোগিতা লাভ৷ সজাগ নহ’লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ। শুভ সংখ্যা ১।

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি৷ প্ৰেমত শুভ৷ অৰ্থ বৃদ্ধিৰ যোগ দেখা যায়। শুভ সংখ্যা ৯।

মীন ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ’ব৷ সজাগ নহ’লে প্ৰতাৰণাৰ সন্মুখীন হ’ব পাৰে৷ সামান্য মিছা অপবাদৰ যোগ দেখা যায়। শুভ সংখ্যা ১।