33 C
Guwahati
Wednesday, September 28, 2022
More

    বুধবাৰৰ দিনটো কেনে যাব আপোনাৰ; জানিবলৈ পঢ়ক ৰাশিফল

    মেষ : যদি আপুনি শেহতীয়াকৈ যিকোনো গুৰুত্বপূৰ্ণ কাম সফলতাৰে সম্পূৰ্ণ কৰিছে, বিৰতি লোৱাৰ সময় হৈছে। আপুনি ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিব পাৰে। নগদ ধন দিনটোত বিনিয়োগ কৰিলে কামত আহিব পাৰে। শুভ সংখ্যা ৪।

    বৃষ : যদি আপুনি আপোনাৰ সন্মুখত বিপদাশংকাটো দেখে, আপুনি ঘূৰি নোযোৱাকৈ ইয়াৰ সন্মুখীন হ’ব লাগিব। ই ভাল ফলাফল প্ৰদান কৰিব। আপুনি নিজকে নতুন পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ চেষ্টা কৰিব লাগিব। শুভ সংখ্যা ৮, শুভ ৰং আকাশী।

    মিথুন : ব্যক্তিগত আৰু পেছাদাৰী ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা অধিক। যদি আপুনি এই মুহূৰ্তত কামৰ পৰা বিৰতি ল’ব বিচাৰে, তেন্তে আৰু কেইদিনমান অপেক্ষা কৰা ভাল। শুভ সংখ্যা ১, শুভ, ৰং হালধীয়া।

    কৰ্কট : নিজৰ কাম আনৰ হতুৱাই নকৰিব , লোকচানৰ সন্মুখিন হোৱাৰ সম্ভাৱনা। কাৰোবাৰ পৰা আকৰ্ষণীয় আমন্ত্ৰণ পাব আৰু উপহাৰো লাভ কৰাৰ যোগ আছে। শুভ সংখ্যা ৯ , শুভ ৰং বগা।

    সিংহ : পুৰণি বন্ধুক লগ পোৱা বা পুনৰ সংযোগৰ সম্ভাৱনা আছে। বাহিৰত এপইণ্টমেণ্ট থাকিলে বাদ দিয়ক। ধৈৰ্য্য বজাই ৰাখক। শুভ সংখ্যা ১ , শুভ ৰং মাখন।

    কন্যা : আজি গোটেই দিনটোত আপোনাৰ শক্তি উচ্চ হ’ব। যদি কোনোবাই ঋণ বিচাৰে, ইয়াক এৰাই চলিবলৈ চেষ্টা কৰক। সাফল্যৰ ঘৰত থাকিব দিনটো। শুভ সংখ্যা ৭, শুভ ৰং নীলা।

    তুলা : স্বাস্থ্য আজি যথেষ্ট ভাল হ’ব। সংগীৰ লগত মুকলিকৈ কথা পাতিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত দিনটো যথেষ্ট ইতিবাচক হ’ব। শুভ সংখ্যা ৩, শুভ ৰং ৰঙা।

    বৃশ্চিক : বহু ক্ষেত্ৰত আজি সুযোগ আপোনাৰ হাতত থাকিব পাৰে, কিন্তু খৰখেদা নকৰিব।নিজৰ লক্ষ্যত উপনীত হ’ব। কৰ্মস্থলী সলনি কৰাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৫, শুভ ৰং গুলপীয়া।

    ধনু : যিকোনো পদক্ষেপ লোৱাৰ আগতে সাৱধানতাৰে চিন্তা চৰ্চা কৰিব । সামাজিক অনুষ্ঠানত উপস্থিত হোৱাৰ সুযোগ পাব লগতে সন্মানিত হোৱাৰ সম্ভাৱনা। শুভ সংখ্যা ১ , শুভ ৰং ৰঙা।

    মকৰ : যদি আপুনি কৰ্মক্ষেত্ৰত ভাৰসাম্য বজাই ৰাখিব বিচাৰে, ৰণনীতি ব্যৱহাৰ কৰক। আপোনাৰ সহকৰ্মীয়ে আজি আপোনাৰ সহায় বিচাৰিব পাৰে। হাতলৈ পইচা আহিব পাৰে। শুভ সংখ্যা ৬, শুভ ৰং বগা।

    কুম্ভ : আপোনাৰ পৰিয়ালক মানসিকভাৱে সহায় কৰক। আজি এটা নতুন চুক্তিৰ বাবে আগবাঢ়িব পাৰে। আপোনাৰ আবেগ নিয়ন্ত্ৰণ কৰিব। শুভ সংখ্যা ৯, শুভ ৰং বগা।

    মীন : আপুনি আপোনাৰ নিজৰ ভয় দূৰ কৰিবলৈ সক্ষম হৈছে। আপুনি সাম্প্ৰতিক সময়ত যথেষ্ট সফলতা লাভ কৰিছে, তাৰ বাবে কৃতজ্ঞ অনুভৱ কৰক। মনোবল বৰ্তাই ৰাখক। শুভ সংখ্যা ৪, শুভ ৰং আকাশী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং