৮ মিনিটত গুৱাহাটী-উত্তৰ গুৱাহাটী পাৰ হোৱা কোন এইসকল পৰ্যটক…

0
369
ব্ৰহ্মপুত্ৰৰ প্ৰতীকি ফটো, Credit-Wikimedia Commons

আপোনাৰ চিৰপৰিচিত মহাবাহু ব্ৰহ্মপুত্ৰক আকাশমাৰ্গৰ পৰা চাবলৈ মন নাযায়নে বাৰু? উমানন্দ মন্দিৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ সৈতে আকাশামাৰ্গৰ পৰা চিনাকী হবলৈ আপোনাৰো নিশ্চয় মন যায়। দৈনিক শ শ লোক এতিয়া ঘৰৰ পৰা ওলাই আহিছে। পৰ্যটকৰ বাবে সজাই পৰাই তোলা ৰ’প ৱেৰ দ্বাৰা গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰেৰে ইপাৰ-সিপাৰ হৈছে।

লকডাউনৰ বাবে মাৰ্চ মাহৰ পৰাই ঘৰত আবদ্ধ হৈ থকা লোকসকল এতিয়া শিথিলতা অনাৰ পিছৰে পৰা বিভিন্ন ঠাইত ফুৰিবলৈ অথবা মহানগৰীত কামৰ বাবে ওলাই আহিছে। আমেৰিকা, লণ্ডনৰ পৰা পৰ্যটক নাহিলেও গুৱাহাটীৰ চুবুৰীয়া লোকসকলে এতিয়া ৰ’প ৱেত উঠিছেহি পৰ্যটক হিচাপে। গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ কোনো লোক যাব পৰাকৈ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা এই ৰ’প ৱেৰ দৈৰ্য্য হৈছে ১৮২০ মিটাৰ।

ৰ’পৱেত একেলগে যাত্ৰা কৰিব পাৰে ৩২ জন লোকে। উল্লেখ্য যে, গুৱাহাটীৰ এই ৰ’পৱেই হৈছে নদীৰ ওপৰত নিৰ্মাণ কৰা দেশৰ আটাইতকৈ দীঘল ‌ৰ’পৱে। এই ৰ’পৱেৰ দ্বাৰা কেৱল মাত্ৰ ৮ মিনিটৰ ভিতৰতে পাৰা পাৰ হ’ব পাৰিব ব্ৰহ্মপুত্ৰ। ৰ’পৱেত আছে দুটা কেবিন। এবাৰ কোনো লোকে যাত্ৰা কৰিলে দিব লাগিব ৬০টকা। ঠিক তেনেদৰে অহা-যোৱাৰ বাবদ দিব লাগিব ১০০ টকা।

২০০৯ চনতে নিৰ্মাণ আৰম্ভ হোৱা এই ৰ’পৱেৰ বাবে ব্যয় হৈছে ৫৬ কোটি টকা। কলকাতাৰ সমীৰ দামোদৰ ‌ৰ’পৱে নামৰ বিখ্যাত কোম্পানিটোৱে নিৰ্মাণ কৰিছে গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পৱে।

এইখিনি তথ্য সকলোৱে লাভ কৰিছে। আমি কবলৈ লৈছো ৰ’পৱেৰ দ্বাৰা গুৱাহাটী মহানগৰীত গঢ়ি উঠা পৰ্যটনৰ সম্ভাৱনীয়তাৰ কথাহে। ২৪ আগষ্টত শুভাৰম্ভ কৰাৰ দিনাৰে পৰা ৰ’পৱেত বৃদ্ধি পাইছে যাত্ৰীৰ সংখ্যা। ৰ’পৱেৰ এই প্ৰকল্পৰ এগৰাকী কৰ্মচাৰীয়ে সদৰি কৰা অনুসৰি মাজে-সময়ে দুই-এদিন মানুহৰ সংখ্যা হ্ৰাস পাইছে যদিও অধিক সময়তে বহুলোকে এই ৰ’পৱেত যাত্ৰা কৰিছে।

প্ৰথমদিনা ৭০০ গৰাকী যাত্ৰীয়ে ৰ’পৱেৰে যাত্ৰা কৰিছিল। তাৰ পিছত ক্ৰমান্বয়ে সেই ধাৰা অব্যাহত আছে। ইফালে আৰম্ভ কৰাৰ পিছতে মাত্ৰ কেইঘন্টামান চলিয়ে বিকল হৈ পৰা ৰ’পৱে ইতিমধ্যে মেৰামতি কৰা হৈছে। ইয়াৰ অধিক যাত্ৰীয়ে প্ৰধানতঃ গুৱাহাটী মহানগৰীৰ বাহিৰৰ বুলি প্ৰকল্পটোত কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে জানিবলৈ দিয়ে।

৫০০ৰ পৰা ৭০০ লোকে দৈনিক ৰ’পৱেৰে যাত্ৰা কৰিছে। বুধবাৰে মুঠ যাত্ৰী আছিল ৫৫০ গৰাকী। বৃহস্পতিবাৰে মুঠ যাত্ৰী আছিল ৬৫০ গৰাকী। প্ৰতিদিনে যাত্ৰীৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি কিমানবাৰ ৰ’পৱেৰ কেবিনকেইটা চলাচল কৰে সেয়া নিৰ্ভৰ কৰে।

”সৰহসংখ্যক দিনতে ৫০ বাৰলৈকে যাত্ৰা কৰে কেবিনসমূহে। মুঠ ৩২ জন লোক যাব পাৰে যদিও বৰ্তমান কৰ’ণাৰ সংক্ৰমণৰ ওপৰত নিৰ্ভৰ কৰি এবাৰ যাত্ৰাকালত ১৫জনকৈ লোক কঢ়িয়াই প্ৰতিটো কেবিনে। বৰ্তমান ৪৬ জন মুঠ ৰ’পৱেৰ প্ৰজেক্টত কৰ্মচাৰী আছে যদিও ইয়াৰে ১৮ জন নিৰাপত্তাৰক্ষী।” নিৰাপত্তাত নিয়োজিত কৰ্মচাৰী লোহিত ফুকনে এনেদৰে কয়।

এগৰাকী যাত্ৰীৰ সৈতে মত বিনিময় হোৱাৰ সময়ত তেওঁলোক মঙলদৈৰ বুলি জানিবলৈ দিয়ে। সপৰিয়ালে আহিছে আৰু ৰ’পৱেৰে যাত্ৰা কৰি আনন্দ লাভ কৰিছে। কেইবাঘন্টা ধৰি কৰা অপেক্ষাৰ অন্তত দেখিবলৈ পোৱা গ’ল যে, ৰ’পৱেৰে যাত্ৰা কৰা বহুলোকে আনন্দ লাভ কৰাৰ বাবেহে এই যাত্ৰাক পছন্দ কৰিছে। কিয়নো দৈনিক অহা-যোৱা কৰা অধিক লোকেই নাওৰ দ্বাৰাই গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাত্ৰা কৰিছে।

অভিযোগ উঠিছিল ৰ’পৱে সেৱা আৰম্ভ কৰাৰ বাবে ফেৰীসেৱাত প্ৰভাৱ পৰিছে নেকি? আমি আভ্যন্তৰীণ জল পৰিৱহন বিভাগৰ কেবাগৰাকী বিষয়াৰ সৈতে কথা পাতিছিলো। আভ্যন্তৰীণ জল পৰিবহন বিভাগে সদৰি কৰা অনুসৰি এতিয়াও নাও অথবা জাহাজেৰে দৈনিক ৭০০-৮০০ লোকে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাত্ৰা কৰিছে।